NORTHEAST NOW (Assamese)
অসম

নৱজাতকৰ ৰহস্যজনক নিখোজকলৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য

Posted by: পুলেন্দ্ৰ দাস October 16, 2018 11:37 pm
Barpeta Medical College

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ৰহস্যজনকভাৱে এটি নৱজাতক নিখোজ হোৱাৰ ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে নৱজাতকটিৰ অভিভাৱকৰ তৎপৰতাত পিছত নৱজাতকটি উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে। উক্ত ঘটনাকলৈ বৰপেটাৰ সচেতন ৰাইজৰ মাজত স্বাভাবিকতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য মতে হাউলীৰ দলিপাৰাৰ অতি দৰিদ্ৰ মোজ্জাম্মেল হক আৰু নাজেমা খাতুনৰ ২১ দিনীয়া সন্তানটো নিউমোনিয়া ৰোগত আক্ৰান্ত হোৱাৰ বাবে এসপ্তাহ পূৰ্বে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ‘স্পেচিয়েল নিউ বোৰ্ণ কেয়াৰ ইউনিট’ত ভৰ্তি কৰোৱা হৈছিল।

নৱজাতকটিৰ অভিভাৱকে আজি দিনৰ প্ৰায় ১২ বজাত তেওঁলোকৰ সন্তান নিখোজ হোৱা বুলি গম পাই হুৱা দুৱা লগায়। নৰ্থ-ইষ্ট নাওৰ এই প্ৰতিবেদকক অভিভাৱকে জনায় যে আজি দিনৰ ভাগত ‘স্পেচিয়েল নিউ বোৰ্ণ কেয়াৰ য়ুনিট’ত নৱজাতকটিৰ খবৰ ল’ব যোৱাত তত্বাবধায়কে নৱজাতকটিক এগৰাকী বৃদ্ধাই লৈ যোৱা বুলি জনায়।

কিন্তু অভিভাৱকে নৱজাতকটি নিয়া নাই বুলি তত্বাবধায়কক জনোৱাৰ লগতে নিজৰ সন্তানটো ক’ত আছে আৰু কোন অচিনাকি লোকক দিলে সেইলৈ তত্বাবধায়কক বিভিন্ন প্ৰশ্ন কৰে। এই বিষয়লৈ বাক-বিতণ্ডা চলি থকাৰ মাজতে তত্বাবধায়ক গৰাকীয়ে বিয়লি ৩:৩০ বজাত নৱজাতকটিক লাভ কৰা বুলি অভিভাৱকক জনায়।

এতিয়া কথা হৈছে ইমান সময় ধৰি নৱজাতকটি ক’ত নিখোজ হৈ আছিল? কাৰণ পৰ্যাপ্ত চিকিৎসা কৰ্মী আৰু নিৰাপত্তাৰক্ষী থকাৰ পিছতো এগৰাকী নৱজাতক কিদৰে নিখোজ হয় অথবা অচিনাকি লোকৰ হাতত কিদৰে চিকিৎসা কৰ্মীয়ে নৱজাতকক অৰ্পণ কৰিব পাৰে তাক লৈ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।