NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত কেন্দ্ৰীয় পূজা সমিতিৰ কাৰ্যালয় উদ্বোধন

Posted by: কাজি জেইদুল ইছলাম October 16, 2018 11:09 pm
Biswanath

আজি বিশ্বনাথ চাৰিআলিত বিশ্বনাথ কেন্দ্ৰিয় দুৰ্গা পূজা পৰিচালনা সমিতিৰ নিয়ন্ত্ৰণ কক্ষ এটা উদ্বোধন কৰা হয়। পুলিচ পইণ্টত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষটো উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই।

এই উপলক্ষে পূজা পৰিচালনা সমিতিৰ সভাপতি জিতেন ভাগৱতীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, আছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দুলদুল বৰকটকী, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিটু শৰ্মা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক দিব্য জ্যোতি বৰুৱা, কমল ভূঞা, বিজয় গোস্বামী, অকণ শইকীয়া, প্ৰভু নাথ সিং, শংকৰ প্ৰসাদ গুপ্তা, বিদ্যুৎ শৰ্মা, পংকজ বৰা, কন্দৰ্প হাজৰিকা, সমিতিৰ সম্পাদক অঞ্জন বৰা আদিয়ে অংশ লয়।