NORTHEAST NOW (Assamese)
অসম

বিপদ শেষ হোৱা নাই: হীৰেন গোহাঁই

Posted by: অনিৰ্বাণ পাঠক February 13, 2019 10:17 pm
Citizenship Bill not moved in RS: The woe doesn't end here, says Hiren Gohain

ৰাজ্যসভাত উত্থাপিত নহ’লেও নাগৰিকত্ব বিধেয়ক-সৃষ্ট বিপদ এতিয়াও শেষ হোৱা নাই, মন্তব্য বুদ্ধিজীৱী হীৰেন গোহাঁইৰ।

নেৰানেপেৰা চেষ্টা সত্ত্বেও ৰাজ্যসভাৰ শেষ দিনটোতো বিধেয়কখন উত্থাপনত বিজেপি চৰকাৰ বিফল হোৱাৰ পিছতে প্ৰতিবাদী দল-সংগঠন-ৰাইজলৈ ধন্যবাদ জনাই এই সাৱধানবাণী শুনাইছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ অধ্যক্ষ বুদ্ধিজীৱীগৰাকীয়ে।

“যি সাম্প্ৰদায়িক, স্বৈৰতন্ত্ৰী, ফেচিবাদীয়ে এই মাৰাত্মক বিধেয়কৰ গুৰি ধৰিছিল সেই শক্তি শেষ হৈ যোৱা নাই,” দেশৰ জনগণৰ “শান্তি, ঐক্য, সংহতি, প্ৰগতি” নিশ্চিত কৰিবলৈ এই শক্তিক চূড়ান্তভাৱে পৰাজিত কৰিব লাগিব বুলি উল্লেখ কৰি গোহাঁইৰ মন্তব্য।

আগন্তুক মাহকেইটাত এন আৰ চিক লৈ জনগণৰ ঐক্য বিঘ্নিত কৰাৰ “কূট-কৌশল”ৰ আশংকা কৰি এই বিষয়ে ৰাইজক সজাগ থাকিবলৈ তেওঁ আহ্বান জনায়।

ৰাজ্যসভাত বিধেয়কৰ বিৰুদ্ধে বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ কংগ্ৰেছ লোৱা প্ৰচেষ্টাৰো তেওঁ শলাগ লয়।

একেদৰে মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তয়ো বুধবাৰৰ “সকাহ” সাময়িক  বুলি উল্লেখ কৰি কয়, “আমাৰ জয় হোৱা বুলি এতিয়াই উদ্বাউল হ’বৰ হোৱা নাই। যেতিয়ালৈ এই সাম্প্ৰদায়িক চৰকাৰখন ক্ষমতাত থাকিব তেতিয়ালৈ এনে জাতিধ্বংসী অভিযান চলি থাকিব।”

বিধেয়কৰ বিৰুদ্ধে হোৱাৰ দৰেই বিজেপিক উৎখাত কৰিবলৈয়ো ৰাইজ ঐক্যবদ্ধ হ’ব লাগিব, মহন্তৰ মত।

মঞ্চৰ আন এজন সদস্য, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে বিধেয়কবিৰোধী আন্দোলনে বিভক্ত বৰ অসম উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মানুহৰ মনৰ আত্মিক সম্পৰ্ক প্ৰতিফলিত কৰিলে বুলি মন্তব্য কৰে।

“সংকট আমাৰ এতিয়াও শেষ হোৱা নাই। গতিকে আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূবৰ ৰাইজ, দল সংগঠনে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব,” হুছেইনে কয়।