NORTHEAST NOW (Assamese)
অসম

অসমজুৰি বিজয় উল্লাস! কোনে কি ক’লে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 13, 2019 10:37 pm
Citizenship bill not moved in RS: Reactions of leaders of Assam organisations

বিজেপি চৰকাৰে ‘বিতৰ্কিত’ তথা ‘জাতিধ্বংসী’ বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰাক কেন্দ্ৰ ৰাজ্যৰ চৌদিশে এতিয়া আনন্দৰ বন্যা। জাতিধ্বংসী বিলখনৰ বিৰুদ্ধে প্ৰায় দুটাকৈ বৰ্ষ আন্দোলন-প্ৰতিবাদে ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলক অস্থিৰ কৰি তুলিছিল। তাৰ মাজতেই বুধবাৰে ৰাজ্যসভাৰ মজিয়াৰ পৰা খবৰটো অহাৰ পাছতেই এতিয়া হাঁহি বিৰিঙিছে বিধেয়ক বিৰোধী দল-সংগঠনসমূহৰ নেতত্বৰ মুখত। সকলো বিজয় উল্লাসত মত্ত হোৱা দেখিবলৈ পোৱা গৈছে।

বিৰোধী দল কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য দল-সংগঠনে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত আয়োজন কৰা বিজয় উল্লাসত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দি কয় যে মোদীয়ে ভোটৰ আশাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰা হ’ব বুলি সমগ্ৰ ভাৰতবৰ্ষতে মিছাতে প্ৰচাৰ চলাইছিল।

তেওঁ লগতে কয়, ‘ৰাহুল গান্ধীৰ নিৰ্দেশ অনুসৰি বিৰোধী দলৰ এটা সন্মিলিত প্ৰচেষ্টাত অতি সুন্দৰভাৱে ফ্লৰ মেনে’জমেন্ট কৰি বিধেয়ক উত্থাপন ব্যৰ্থ কৰা হ’ল।‘

ইয়াৰোপৰি তেওঁ অসমৰ সমূহ সংগ্ৰামী জনতাক ধন্যবাদ জনাই ভৱিষ্যতে যাতে এনে জাতিধ্বংসী কাম কৰিব নোৱাৰে, তাৰ বাবে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

আনহাতে, দিল্লীত ৰাজ্যসভা চৌহদৰ পৰাই অখিল গগৈয়ে অসম তথা উত্তৰ-পূববাসীক ধন্যবাদ জ্ঞাপন কৰি কয় ‘আমি জিকিলো।‘

তেওঁ লগতে কয় ‘গণতন্ত্ৰ, সংবিধান, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল সকলোৱে ৰক্ষা হ’ল।‘

‘পলাশ চাংমাই আৰু মই ৰাজ্যসভাতে উপস্থিত আছিলো। বিল উত্থাপন নোহোৱাৰ খবৰটো পায়েই আমি তাতে জঁপিয়াই দিছিলো, নিৰাপত্তাৰক্ষীয়ে আমাক ধৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল।‘ বিধেয়ক গৃহীত নোহোৱাক লৈ উৎফুল্লিত অখিলে এইদৰে কয়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ব্যাপক আন্দোলনৰ ফলত আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ হেঁচাত বিধেয়কখন উত্থাপন নহ’ল।

‘নাগৰিকত্ব সংশোধনী বিধেয়কে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক একত্ৰিত কৰিলে তথা জয় হৈছে।‘ চাংমায়ে কয়।

তদুপৰি প্ৰাক্তন বিজেপি নেত্ৰী তথা নৰ্থ ইষ্ট ৱ’মেন ফ্ৰন্টৰ সাধাৰণ সম্পাদিকা মীৰা বৰঠাকুৰে বিলখন উত্থাপন নোহোৱাক কেন্দ্ৰ কৰি নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘একত্ৰিত জনতাৰ ক্ষোভ চৰকাৰে যে কেতিয়াও নস্যাৎ কৰিব নোৱাৰে, সেইটো আজি প্ৰমাণিত হ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বাংলাদেশীৰ বিৰুদ্ধে একত্ৰিত হৈছে।‘

বৰঠাকুৰে লগতে কয় ‘মোৰ দৃঢ় বিশ্বাস বাংলাদেশীৰ সপক্ষত থকা বিজেপিয়ে এইবাৰ চৰকাৰ বনাব নোৱাৰে।‘

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসেও।

তেওঁ কয় ‘স্বৈৰাচাৰী আৰু ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰে কূট-কৌশল ৰচনা কৰি অসমবাসীৰ আন্দোলনৰ ওচৰত সেও মানিলে।‘

বিধেয়ক উত্থাপন কৰিব নোৱাৰা বিষয়টোক কেৱল ‘সাময়িক সকাহ’ হিচাপে গণ্য কৰি তেওঁ কয় ‘এতিয়াও নৰেন্দ্ৰ মোদী চৰকাৰক আমি বিশ্বাসত ল’ব পৰা নাই। তেওঁলোকে লোকসভা নিৰ্বাচনৰ পূৰ্বে বক্ৰপথেৰে আইনত পৰিণত কৰিবলৈ চেষ্টা কৰিব।‘