NORTHEAST NOW (Assamese)
অসম

বিজ্ঞানীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ, শুভেচ্ছা মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ October 17, 2018 9:04 pm
kaustubh b arya

‘Theory of direction’ আৰু ‘Naval vest’ নামৰ দুটা ‘তত্ত্ব’ বিকাশ কৰাৰ বাবে পদাৰ্থ বিজ্ঞানীৰ দুখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আমন্ত্ৰণ পোৱা গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তুভ বি আৰ্য্যক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ফিনলেণ্ড (১৫ৰ পৰা ১৭ অক্তোবৰ) আৰু ইটালি (২১-২৩ অক্তোবৰ)ত হ’ব লগা ৩১ সংখ্যক Material science conference আৰু World Magnetic Material Summitত নিজৰ গৱেষণাৰ বিষয়ে বক্তৃতা দিয়াৰ বাবে বিশ্বৰ সৰ্বকনিষ্ঠ গৱেষকৰূপে আমন্ত্ৰিত হৈছে আৰ্য্য।

তাৰোপৰি “ভৱিষ্যতৰ হেলমেট” বিষয়ক গৱেষণাৰ বাবে গুগলৰ মুখ্য কাৰ্য্যালয় আৰু ষ্টেনফ’ৰ্দ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণৰ লগতে আন বহুকেইটা গৱেষণাত বিশ্বৰ পদাৰ্থ বিজ্ঞানী সমাজৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে ছাত্ৰজনে।

লগতে পঢ়ক– গুগল, ষ্টেনফ’ৰ্দ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ; জাতীয় বিদ্যালয়ৰ ছাত্ৰলৈ বিৰল সন্মান বিশ্বৰ বিজ্ঞানী সমাজৰ

আৰ্য্যৰ Theory of Direction, গাড়ীৰ ধূলি নিষ্কাষণত বাধা, ভৱিষ্যৎ FD হেলমে’ট, Naval vest— এই আটাইকেইটা গৱেষণাকে মৌলিক ৰূপে স্বীকৃতি দি ছাত্ৰজনক সদস্যভুক্ত কৰিছে বিশ্বৰ পদাৰ্থ বিজ্ঞানীসকলৰ অন্যতম মূল সংগঠন এমেৰিকান ফিজিকেল চচাইটিয়ে।

আনহাতে বিশ্ববিখ্যাত জাৰ্নেল SciVisionৰ অন্তৰ্গত Nanotechnology and applicationত তেওঁৰ Theory of Direction গৱেষণা পত্ৰ হিচাপে প্ৰকাশ পাব। এই পত্ৰ “সৰ্বকনিষ্ঠ গৱেষক”ৰ পত্ৰৰূপে স্বীকৃত হোৱাৰ লগতে এই গৱেষণাক “যুগান্তকাৰী” আখ্যা দিছে জাৰ্নেলখনে।

আৰ্য্য গুৱাহাটীৰ কুইন তালুকদাৰ বৈশ্য আৰু ডা০ বসন্ত কুমাৰ বৈশ্যৰ সন্তান।