NORTHEAST NOW (Assamese)
অসম

গুপ্তকাশী বিশ্বনাথ ঘাটত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে বিজয়া দশমী উদযাপন

Posted by: কাজি জেইদুল ইছলাম October 19, 2018 6:10 pm

সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো আজি ব্যাপক উৎসাহৰ মাজেৰে উদযাপন কৰা হয় শাৰদীয় দুৰ্গোৎসৱৰ দশমী। ইয়াৰ সমান্তৰালভাৱে আজিৰ দশমীৰ দিনটোত অসমৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ গুপ্তকাশী বিশ্বনাথ ঘাটতো সমাগম হয় বহু লোকৰ।

অতীজৰে পৰা উক্ত স্থানত দুৰ্গা পূজাৰ দশমীৰ দিনটোত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে বিসৰ্জন কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি প্ৰশাসনৰ পৰা অনুমোদন লোৱা ৪৯ খন পূজাথলিৰ লগতে ব্যক্তিগত তথা ঘৰুৱাভাৱে অনুষ্ঠিত কৰা বহু পূজাৰ বিসৰ্জন কৰাৰ বাবে দুপৰীয়া প্ৰায় ১ বজাৰ আৰম্ভ হয়।

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিশ্বনাথ ঘাটত অনুষ্ঠিত হোৱা এই বিসৰ্জন কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াসহ বহু কেইজন প্ৰশাসনিক বিষয়া।