NORTHEAST NOW (Assamese)
অসম

ৰঙাপৰাৰ নামনিগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ : ধ্বংস কৰিলে ৬টাকৈ ঘৰ

Posted by: এন ই নাও নিউজ October 20, 2018 9:56 am
sonitpur-elephant-750x430

অসমত হাতী মানুহৰ সংঘাতত ইতিমধ্যে বহু কেইজন লোকে প্ৰাণ হেৰুৱাইছে। অবাধ বনাঞ্চল ধ্বংসৰ ফলত খাদ্য আৰু বিচৰণভূমিৰ অভাৱত  নামি অহা হাতীৰ জাকে জন বসতিপূৰ্ণ এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

শেহতীয়াভাৱে ১৯ অকটোবৰৰ নিশা শোণিতপুৰৰ ৰঙাপৰাৰ নামনিগাঁৱত এদল বন্যহস্তীয়ে স্থানীয় লোকৰ মাজত তীব্ৰ আতংক বিয়পাই দিয়াৰ বাতৰি পোৱা গৈছে। ঘটনাৰ বিৱৰণী মতে তেজপুৰৰ ৰঙাপৰা এলেকাৰ অন্তৰ্গত নামনিগাঁৱত অৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে ৬টাকৈ বাসগৃহ ভাঙি পেলাইছে।

বনৰীয়া হাতীৰ জাকটোৱে ভালেমান সময় ধৰি গাঁৱখনত উপদ্ৰৱ চলায়। গাঁৱৰ লোকসকলে অৱশেষত হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়। অৱশ্যে হাতীৰ জাকটোৱে কোনো লোকৰে ক্ষতি কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে হাতী গাঁওখনত প্ৰৱেশ কৰাৰ পাছত গঞাই বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ কোনো লোক যথা সময়ত উপস্থিত হোৱা নাছিল।  বন বিভাগৰ এই হেমাহিত স্থানীয় বাসিন্দাসকলে অসন্তুষ্টি ব্যক্ত কৰিছে।