NORTHEAST NOW (Assamese)
Popular Stories

মেঘালয়ত গোষ্ঠী সংঘৰ্ষ; ছয়খন জিলাত ইণ্টাৰনেট সেৱা বাতিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 29, 2020 9:12 am
Tribal-non-tribals-clash-750x375

মেঘালয়ৰ পূব খাচি পাহাৰৰ চেলাত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘাতৰ পৰিণতিত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বাবে মেঘালয় চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ ছয়খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

শুকুবাৰে নিশা ১০ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া মেঘালয়ৰ জিলা ছয়খন হৈছে ক্ৰমে-পূব জয়ন্তীয়া পাহাৰ, পশ্চিম জয়ন্তীয়া পাহাৰ, পূব খাচি পাহাৰ, ৰি-ভই, পশ্চিম খাচি পাহাৰ আৰু দক্ষিণ-পশ্চিম খাচি পাহাৰ।

ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই যাতে এছ এম এছ, হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ যোগেৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাত অৰিহণা যোগাব নোৱাৰে তাৰ বাবেই মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

মেঘালয় ৰাজ্য চৰকাৰৰ গৃহ বিভাগে শুকুৰবাৰে এই নিৰ্দেশনা দিয়ে।

আনহাতে, মেঘালয় আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা ৰাজহুৱা সম্পত্তিৰ ধ্বংসই জনসাধাৰণৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰে গতিকে তেনেধৰণৰ কাৰ্য্যৰ পৰা জনসাধাৰণক আতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন)বিধেয়ক আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগত শুকুৰবাৰে মেঘালয়ত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত সংঘাত হৈছিল আৰু এই সংঘাতত গুৰুতৰভাৱে আহত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।