NORTHEAST NOW (Assamese)
অসম

কিশোৰী ধৰ্ষণত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ

Posted by: এন ই নাও নিউজ October 20, 2018 7:04 pm

ৰাজ্যখনত দুৰ্গোৎসৱৰ আনন্দৰ মাজতে বিভিন্ন ঠাইত যৌন নিৰ্যাতন, ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ সময়তে চতিয়াৰ বালিডোঙাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰা দুই অভিযুক্তক চতিয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱক ক্ৰমে হাছমত আলী আৰু ছাহাবুদ্দিন আলী বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে পূজা দেখুৱাৰ চলেৰে ধৃত দুই যুৱকে ১৪  বছৰীয়া কিশোৰী গৰাকীক নি বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ফলত চতিয়া আৰক্ষীয়ে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই আজি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মন কৰিব লগীয়া যে দুৰ্গোৎসৱক লৈ ৰাজ্যৰ প্ৰতিখন জিলাতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ পিছতো ৰাজ্যখনৰ বিভিন্ন ঠাইত কেইবাটাও হত্যাকাণ্ড, ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল।