NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ পক্ষলৈ আহক, নহ’লে একেবাৰে বিজেপিলৈ গুচি যাওক অগপ: অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 20, 2018 9:03 pm
Atul VS Akhil

অসমৰ সকলো খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতা আওকাণ কৰি নাগৰিকত্ব বিধেয়কৰ সপক্ষে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পিছতো বিজেপিৰ সৈতে মিত্ৰতা ভংগ নকৰা অগপ দলক শনিবাৰে কঠোৰ সমালোচনা কৰিছে অখিল গগৈয়ে।

অসম আন্দোলনৰ জৰিয়তে জন্ম হোৱা অগপই বিজেপিৰ সৈতে অসমৰ ৰাইজৰ আহ্বানৰ পিছতো মিত্ৰতা ভংগ নকৰি “হুংকাৰ” দি থকাক লৈ সৰৱ হৈছে কৃষক মুক্তিৰ নেতাজন।

“তেওঁলোকক সকীয়াই দিছো অনতি বিলম্বে অগপ দল ৰাইজৰ পক্ষলৈ আহক, নহ’লে তেওঁলোক একেবাৰে বিজেপি দললৈ গুছি যাওক,” শনিবাৰে ৪২টা সংগঠনৰ বৈঠকৰ পিছতে এই মন্তব্য গগৈৰ।

গগৈৰ মতে বিজেপিৰ কেন্দ্ৰীয় সমিতি, ৰাজ্যিক বিজেপি তথা মুখ্য মন্ত্ৰীয়ে নাগৰিকত্ব বিধেয়কৰ সপক্ষে সিদ্ধান্ত লোৱাৰ পাছতো চৰকাৰৰ লগত থাকি অগপই অসমীয়া জাতিক “বিশ্বাসঘাটকতা” কৰিছে।

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত “দুমুখীয়া” স্থিতি লোৱা বুলিও আঞ্চলিক দলটোক সমালোচনা কৰিছে গগৈয়ে।

‘‘এনেকুৱা দুমুখীয়া চৰিত্ৰ দেখুৱাই তেওঁলোক অসমত টিকি থাকিব নোৱাৰিব। হয় জনগণৰ পক্ষ লওক, অন্যথা জনবিৰোধী সিদ্ধান্ত লওক,‘’ অগপৰ প্ৰতি এই স্পষ্ট আহ্বান গগৈৰ।

বিধেয়কখন গৃহীত হ’লে অগপ অসমত শান্তিত থাকিব নোৱাৰিব বুলিও সকীয়নি দিছে কৃষক নেতাজনে।

কৃষক মুক্তিৰ নেতাগৰাকীৰ এই আহ্বান অগপ দলে কেনেদৰে গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ’ব।