NORTHEAST NOW (Assamese)
অসম

মাকুম আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত; দুখনকৈ চুৰি মটৰচাইকেল জব্দ

Posted by: মানস প্ৰতিম গগৈ October 20, 2018 9:01 pm
মাকুম আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত; দুখনকৈ চুৰি মটৰচাইকেল জব্দ

মটৰ চাইকেলকে ধৰি বিভিন্ন সা-সামগ্ৰী লুট কৰি সন্ত্ৰাস চলোৱা দুটা দুৰ্ধৰ্ষ ডকাইতক আজি মাকুম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মাকুম আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ডিব্ৰুজান আৰু বৰডুমচাৰ ৰিতু কঠালগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত দুটা ক্ৰমে বাৰেকুৰি পুৰনি মতাপুঙৰ পাপু চেতিয়া আৰু ডুমডুমা হাতীজানৰ পলাশ চুতীয়া বুলি জানিব পৰা গৈছে।

আটকাধীন ডকাইত দুটাৰ পৰা মাকুম আৰক্ষীয়ে দুখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ধৃত দুই ডকাইতে অলপতে এজন ব্যক্তিক পিষ্টল দেখুৱাই ২ লাখ ৮০ হাজাৰ টকা লুট কৰিছিল। তাৰোপৰি পাপু চেতিয়া নামৰ দুৰ্ধৰ্ষ ডকাইতটোৱে দুজন সহপাঠীৰ সৈতে অলপতে তিনিচুকীয়া গেলাপুখুৰীত লুটপাত চলাইছিল।

আনহাতে মাকুম আৰক্ষী থানাত ডকাইত দুটাৰ বিৰুদ্ধে পঞ্জীভুক্ত ২২৯/১৮ নম্বৰ গোচৰ মৰ্মে দুয়োকে গ্ৰেপ্তাৰ হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।