NORTHEAST NOW (Assamese)
অসম

অসমৰ বিৰুদ্ধে ১৬৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য বিহাৰ; মঙলদৈত বিজয় মাৰ্চেন্ত ট্ৰফি

Posted by: ময়ূখ গোস্বামী October 21, 2018 7:00 pm
Cricket-1-570x320

আজিৰ পৰা মঙলদৈত আৰম্ভ হৈছে ১৬ অনূৰ্ধ্ব বিজয় মাৰ্চেন্ত ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত ৩ দিনিয়া মেচখনৰ আজি প্ৰথম দিনা ঘৰুৱা দল অসমৰ বিৰুদ্ধে বিহাৰৰ দলে ৮ উইকেটৰ বিনিময়ত মাত্ৰ ১৬৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত কৰা বিহাৰৰ দলটো অসমৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি তেওঁলোকৰ এটাৰ পিছত আনটোকৈ উইকেট পতন ঘটে।

অসমৰ হৈ ময়ূখ হাজৰিকাই ৩৯ ৰান দি ৩টা উইকেট দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে প্ৰিতিষ ৰাহা ৰয়ে ৩১ ৰান দি ২ টা উইকেট দখল কৰে। বিহাৰৰ কনিষ্ক কৌস্তভে সৰ্বাধিক অপৰাজিত ৭৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে বি চি চি আইৰ অধীনত অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা আজিৰ খেলখনত সংবাদ মাধ্যমৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা নকৰাৰ বাবে মঙলদৈৰ সংবাদকৰ্মী সকলে অসন্তুষ্টি প্ৰকাশ কৰে।