NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল: সত্ৰৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান ঘোষণা

Posted by: পুলেন্দ্ৰ দাস October 23, 2018 3:03 pm
cab09ccf-e113-4f4d-b429-e2d623540400

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৮ বছৰ ৬ মাহ কাল নিবাস কৰা বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত পাটবাউসী সত্ৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সত্ৰখনত আয়োজন কৰা এক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সোণোৱালে হেলিকপ্টাৰেৰে আহি ৰামৰায় ষ্টেডিয়ামৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰে ৷

9e063b20-7017-44e8-8547-2cc5832f5005
পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

ইয়াৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে পাটবাউসী সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা কৰি আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সোণোৱালে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰবৰ্তন কৰা একশৰণ ধৰ্মৰ ওপৰত বক্তব্য আগবঢ়ায়৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই দিয়া পথসমূহ গ্ৰহণ কৰিব পাৰিলে সমাজৰ পৰা হত্যা হিংসা আঁতৰ হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

মুখ্য মন্ত্ৰী সোণোৱালে পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। আনহাতে, সত্ৰখনৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।