NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত জুয়ে পুৰি ছাই কৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণ আৰু হত্যাৰ সন্দেহ

Posted by: ৰিনয় বসুমতাৰী October 27, 2018 10:54 pm
মহিলা

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত জুয়ে পুৰি ছাই কৰি দিয়া এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কোকৰাঝাৰ আৰক্ষীয়ে ইয়াক ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে ঘোপাৰাপাৰা গাঁৱৰ নিৱাসী নিহত কিশোৰীগৰাকী কালি আবেলি গেন্দ্ৰাবিলত চলি থকা এখন মেলালৈ বুলি ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছিল।

আজি আবেলি কোকৰাঝাৰ আৰক্ষী থানাৰ পৰা ৫ কি.মি নিলগৰ ঠাইটুকুৰাত এখন পথাৰত কিশোৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহটো উদ্ধাৰ হয়। মৃতদেহটোলৈ চাই হত্যাকাৰীয়ে অপৰাধ সংঘটিত কৰি কিশোৰীগৰাকীক জ্বলাই দিয়া বুলি একাংশই মন্তব্য কৰিছে।

এই ঘটনাটোৱে স্থানীয় বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে আপত্তি কৰি অহাৰ পিছতো জিলা প্ৰশাসনে অঞ্চলটোৰ বিভিন্ন ঠাইত মেলা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া কাৰ্য সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

মন কৰিব লগীযা যে কোকৰাঝাৰ নগৰৰ সমিপৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা প্ৰায় ১৫ খনকৈ মেলাত জুৱাকে ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ অহা অভিযোগ উত্থাপন হৈ আহিছে।