NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় পথতে জ্বলি উঠিল চলন্ত বিস্কুটৰ ট্ৰাক

Posted by: উত্তম শইকীয়া October 28, 2018 5:45 pm
bokakhat

বোকাখাত নগৰৰ সমীপৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথতে আজি বিয়লি দাউ দাউকৈ জ্বলি উঠে এখন চলন্ত ট্ৰাক। এ এছ ০১ ডি ডি ৮৬২৫ নম্বৰৰ এই ট্ৰাকখনে গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটালৈ বিস্কুট কঢ়িয়াই আনিছিল।

প্ৰাপ্ত তথ্য মতে যাত্ৰাৰ পথত ট্ৰাকখন সাপজুৰিৰ এখন লাইন হোটেলত ৰখাই ড্ৰাইভাৰ আৰু হেণ্ডিমেনে দুপৰীয়াৰ আহাৰ গ্ৰহনৰ পিছত পুনৰ মাৰ্ঘেৰিটালৈ বুলি যাত্ৰা কৰোতেই ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে ট্ৰাকখন দাউ দাউকৈ জ্বলি উঠে।

ড্ৰাইভাৰে পথৰ কাষত গাড়ীখন ৰখাই স্থানীয় লোকৰ সহায়ত জুই নুমাবৰ চেষ্টা কৰে ৷ স্থানীয় লোকে বোকাখাত আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত বোকাখাতৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ট্ৰাকখনৰ জুই নুমাবলৈ সক্ষম হয় যদিও ট্ৰাকখনত থকা সকলো বিস্কুট নষ্ট হয় ৷

কি কাৰণত গাড়ীখনত হঠাতে এইদৰে জুই লাগিল সেয়া এতিয়াও নিশ্চিতকৈ জানিব পৰা হোৱা নাই ৷