NORTHEAST NOW (Assamese)
অসম

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰি : ১০ দিনৰ ভিতৰত গাঁও ত্যাগ কৰাৰ আহ্বান দুষ্কাৰ্যত জড়িত স্বামী-স্ত্ৰীক

Posted by: মিণ্টু দাস October 31, 2018 10:52 pm

কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে বলাৎকাৰ কৰা বুলি অভিযোগ অনা মহিলাগৰাকীৰ স্বামীয়ে মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ চলাই যাম বুলি ঘোষণা কৰাৰ পাছতে স্থানীয় লোকে ৩০ অক্টোবৰত  নিৰ্য্যাতিতাৰ ঘৰ ঘেৰাও কৰাৰ পিছতে আজি পুনৰ গাঁঁওখনত উত্তেজনাৰ সৃষ্টি হয়।

আজি এই ঘটনাক লৈ পুনৰ গাঁওখনৰ উত্তেজিত ৰাইজে মহিলাগৰাকীৰ স্বামী গৃহত বহু সময় ধৰি ধৰ্ণা দিয়ে।

উত্তেজিত লোকসকলে ‘দেহ ব্যৱসায় বন্ধ কৰক, ৰাজেন গোহাঁই মুৰ্দাবাদ’ আদি ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তাৰ পিছত এখন ৰাইজ মেল অনুষ্ঠিত হয়।

এই ৰাইজ মেলত উক্ত মহিলাগৰাকীৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে অহা ১০ দিনৰ ভিতৰত উক্ত গৃহ ত্যাগ কৰিবলৈ আহ্বান জনায়। গাঁৱৰ লোকসকলে ৰাজপথত এক সমদল উলিয়াই মহিলাগৰাকীৰ পৰিয়াল আৰু মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোল।

আনহাতে এই দাবী নামানিলে নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে তেওঁলোকৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যৱস্থা ল’বলৈ দাবী জনাব বুলি জনায়। যাৰ বাবে বিতৰ্কিত মহিলাগৰাকীৰ স্বামী গৃহত সাম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা জিলা প্ৰশাসনে নিৰাপত্তাৰক্ষী মোতায়ন কৰে।

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে মতে, মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীৰ যৌন নিৰ্যাতনৰ বিতৰ্ক‌ই সমগ্ৰ দেউৰী গাঁওবাসীক লজ্জানত কৰিছে। উক্ত মহিলাগৰাকীৰ গৃহত পূৰ্বৰে পৰা দেহ ব্যৱসায়ৰ দুষ্কাৰ্য চলি থকাৰ অভিযোগ আছে।