NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰী : ৰাকেশ পালৰ ভাতৃ আৰু সুদীপ দাসৰ বিৰুদ্ধে ’হুলীয়া’ জাৰি

Posted by: এন ই নাও নিউজ November 1, 2018 10:12 am
550250-apsc

শীঘ্ৰে ৰাজ্য কপাঁই যোৱা এ পি এছ চি কেলেংকাৰিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল বাহিনীৰ বিৰুদ্ধে বিচাৰ চলাব।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ৩১ অক্টোবৰত উক্ত কেলেংকাৰিৰ অন্যমত দুই মুল অভিযুক্ত নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ পলাতক ভাতৃ ৰাজীৱ পাল আৰু সুদীপ দাসৰ বিৰুদ্ধে ’হুলীয়া’ জাৰি কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে।

ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোক যদি এতিয়া আদালতত হাজিৰ নহয় তেন্তে দুয়োজনৰে সম্পত্তি বাজেয়াপ্ত কৰাৰ সম্ভাৱনা আছে।

তদুপৰি কালি বিশেষ আদালতত কগনিজেন্সৰ বাবে কেলেংকাৰিত অভিযুক্ত ৬০জনকৈ বিষয়াই সোঁ-শৰীৰে হাজিৰ হয়।

আনহাতে, ৰাজ্য চৰকাৰে উক্ত গোচৰটোৰ বাবে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰাক চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰিছে।