NORTHEAST NOW (Assamese)
Uncategorized

শিৱসাগৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী য়ুনিয়ন আৰু কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 26, 2019 5:34 pm
IMG-20190326-WA0001

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী য়ুনিয়ন শিৱসাগৰ আৰু চৰাইদেউ জিলা কমিটিৰ উদ্যোগত আৰু কৃষক মুক্তিৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি চহৰখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

মধ্যাহ্ন ভোজন আঁচনিখন অনাচৰকাৰী এন জি অ লৈ হস্তান্তৰ কৰা সিদ্ধান্ত বাতিল কৰা, মধ্যাহ্ন ভোজন কৰ্মীৰ মজুৰি বাৰ মাহে প্ৰদান কৰা আৰু মধ্যাহ্ন ভোজন কৰ্মীক পাঁচ হাজাৰ কৈ মজুৰি প্ৰদান কৰাৰ দাবীত আজি কেইবাশ মধ্যাহ্ন ভোজন কৰ্মীৰ লগতে শিৱসাগৰ জিলাৰ বহু নেতা কৰ্মীয়ে নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে,  চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত সদৌ অসম মধ্যাহ্ন ভোজনৰ এই সকল ৰান্ধনি এতিয়া চাকৰিৰ নিৰাপত্তাত ভুগিছে। চৰকাৰে ১ এপ্ৰিলৰ পৰা বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব ঘনশ্যাম সেৱা সমিতি নামৰ এটা বাহিৰাগত স্বেচ্ছাসেৱী অনুষ্ঠানৰ হাতত অৰ্পন কৰিব বিচাৰিছে। ২৫ কিলোমিটাৰৰ ভিতৰত থাকিবলগা এটা ৰন্ধন কৰ্মশালাৰ পৰা বিদ্যালয় সমুহৰ মধ্যাহ্ন ভোজন বিতৰণ কৰিব স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। মাত্ৰ ৩৩ টকা দিন হাজিৰাত বিদ্যালয়সমুহত ৰন্ধনৰ কাম কৰি পৰিয়াল পোহপাল কৰা এই সকল মহিলাই চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ পূৰ্বেও যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী য়ুনিয়ন শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে শিৱসাগৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চাৰিদিনীয়া অৱস্থান ধৰ্মঘট পালন কৰিছিল।