NORTHEAST NOW (Assamese)
অসম

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন গুৰুতৰভাৱে অসুস্থ

Posted by: পুলেন্দ্ৰ দাস November 4, 2018 9:04 am
Barpeta

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বৰবায়ন, সত্ৰভূষণ উপাধিৰে বিভূষিত তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন গুৰুতৰভাবে অসুস্থ হৈ পৰিছে।

বৰপেটা চহৰৰ কুজিৰদ’হাটী নিবাসী বৰ্ষীয়ান সত্ৰীয়া শিল্পী গৰাকীয়ে হাওঁফাও জনিত ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  চিকিৎসাধীন হৈ আছে ৷

অসমৰ সত্ৰীয়া সংস্কৃতিৰ পুৰোধা এই ব্যক্তিগৰাকী যাতে শীঘ্ৰে সুস্থ হৈ উঠে তাৰেই  কামনা কৰিছে বৰপেটাবাসীয়ে। সত্ৰীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপ্ৰাণ প্ৰচেষ্টা চলাই অহা বৰ্ষীয়ান সত্ৰীয়া শিল্পীগৰাকীৰ অসুস্থতাৰ খৱৰে সকলোকে উদ্বিগ্ন কৰি ৰাখিছে।

আনহাতে, সত্ৰীয়া শিল্পীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ সত্ৰনগৰী বৰপেটাবাসীয়ে চৰকাৰক অনুৰোধ জনাইছে ৷