NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ ফালেংগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ আলফা স্বাধীনত যোগদান

Posted by: এন ই নাও নিউজ November 13, 2018 9:43 am
Untitled-2 copy

শেহতীয়াকৈ অসমৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত কেইবাজন যুৱকৰ যোগদানৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে তিনিচুকীয়া জিলাৰ লেখাপানী ফালেংগাঁৱৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে।

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ লেখাপানীৰ ফালেংগাঁৱৰ দুৰ্ণ মেচৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেচ আলফা স্বাধীনত যোগদান কৰিছে। প্ৰায় ৮ মাহ পূৰ্বে যুৱতীগৰাকীয়ে সংগঠনটোত যোগদান কৰে। অৱশ্যে বিগত এসপ্তাহৰ পৰা যুৱতীগৰাকী নিৰুদ্দিষ্ট হৈ আছে।

আনহাতে, যুৱতী গৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য আৰক্ষীৰ হাততো পৰিছে। জাগুন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেচে আলফা স্বাধীনত যোগ দিয়াৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে।

দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ এই বাতৰিয়ে আৰক্ষী মহলকো আচৰিত কৰি তুলিছে। যুৱতীগৰাকীৰ নিষিদ্ধ সংগঠনটোত যোগদানৰ কাৰণ নিশ্চিতকৈ জানিব পৰা হোৱা নাই যদিও শেহতীয়াকৈ ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বহুতো অসমীয়া যুৱক-যুৱতী নিষিদ্ধ সংগঠনটোৰ প্ৰতি আকৰ্ষিত হোৱাৰ সন্দেহ কৰা হৈছে।