NORTHEAST NOW (Assamese)
অসম

এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী : জয়ন্ত মল্ল বৰুৱা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 14, 2018 6:17 pm
Jyanta Mallah Baruah Spoke person,Assam State BJP.addressing a Press Conference at BJP Office in Guwahati on 14-11-18. Pix BY UB Photos

‘অসমৰ বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী’, এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ।

বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এখন সংবাদমেলত তেওঁ কয়, ‘১৯৮৫ চনত ২৭ শতাংশ বিদেশী  মুছলমান আৰু এতিয়া অসমত ৩৬ শতাংশ বিদেশীমূলৰ মুছলমানৰ আধিপত্য চলি আছে, সেয়েহে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্য মন্ত্ৰী হ’বগৈ।‘

‘১৯৮৫ চনৰ দৰে অসমৰ মানুহ আৱেগত উটি-ভাহি গ’লে নহ’ব’ বুলি মন্তব্য কৰি বৰুৱাই লগতে কয়, ‘আজমলক মুখ্য মন্ত্ৰী হোৱা ঘটনাত বাধা দিয়াটো এটা সময়ত অসম্ভৱ হৈ পৰিব। গতিকে অসমৰ ৰাইজ আবেগ অনুভুতিত উটি-ভাহি নালাগে।‘

অসম চুক্তিয়ে অসমক ২০ টা বছৰ পিছুৱাই নিলে বুলি মন্তব্য কৰি তেওঁ প্ৰশ্ন কৰে, ‘ভাৰতৰ সকলো ৰাজ্যতে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ চন, কিন্তু অসমত কিহৰ ভিত্তি ১৯৭১ চনটো ধাৰ্য্য কৰা হ’ল?‘

আনহাতে জাতীয় দল-সংগঠনসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, ‘জাতীয় দল-সংগঠনে কেৱল ৰাজপথত চিঞৰি থাকিলেই অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নহয়।‘

তেওঁৰ মতে ‘অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিজেপি দলে ৰক্ষা কৰিব।‘ বৰুৱাৰ মতে তেওঁৰ দলৰ ‘সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাসকলে সদায় অসমীয়া জাতিৰ উন্নয়নৰ হকে কাম কৰে।‘

একেখন সংবাদমেলতে অসমৰ লেখক-সাহিত্যিক, শিল্পী আৰু বুদ্ধিজীৱীসকলকো জ্ঞান দিবলৈ নাপাহৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

‘অসমখনক সুন্দৰ কৰি ৰখাৰ বাবে কবি সাহিত্যিক, লেখক, শিল্পীসকলে নিজৰ নিজৰ ক্ষেত্ৰসমূহত মনোনিৱেশ কৰি অসমৰ সকলো দিশ চহকী কৰক। ৰাজনৈতিক সমীকৰণ বা অসমৰ জনগাঁথনিৰ গভীৰতালৈ নগৈ অকল আৱেগিকভাৱে ভাষা-সাহিত্যৰ আৱেগ সৃষ্টি কৰি অসমখনৰ ৰাজনীতিত ভয়াৱহ অশনি সংকেত আহিবলৈ নিদিব,‘ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।