NORTHEAST NOW (Assamese)
অসম

বদৰুদ্দিন আজমলৰ নতুন সংস্কৰণ অখিল গগৈ : অখিলক পুনৰ আক্ৰমণ বিজেপিৰ মুমিনুলৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 20, 2018 7:28 pm
Akhil-Awal

‘’বদৰুদ্দিন আজমলৰ নতুন সংস্কৰণ হিচাপে প্ৰতিষ্ঠা হৈছে অখিল গগৈ’’- অখিলক ব্যক্তিগতভাৱে আক্ৰমণ কৰি এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালৰ।

উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ বাবে একপ্ৰকাৰৰ মুৰৰ কামোৰণি হৈ পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ। সেয়েহে সংবাদমেলত বিজেপিৰ মুখপাত্ৰসকলৰ বাবে প্ৰাসংগিক হৈ পৰে কৃষক নেতাগৰাকী।

আজিও তাৰ ব্যতিক্ৰম নহ’ল। আজি পুনৰবাৰ মুমিনুল আৱালৰ সংবাদমেলৰ বিষয়বস্তু হৈ পৰিল কৃষক নেতাগৰাকী। অখিল গগৈৰ প্ৰতি এটাৰ পাছত আন এটা বাক্যবান নিক্ষেপ কৰিলে মুমিনুল আৱালে।

আজি ৰাজ্যক বিজেপিৰ কাৰ্য্যালয়ত এই সংবাদমেল সম্বোধন কৰি আৱালে কয়, ‘’অখিল গগৈক আমি পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আহ্বান কৰিছিলো, কিন্তু তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে।‘’

তদুপৰি, ‘’অখিল গগৈৰ নিজা এজেণ্ডা আছে’’ বুলি মন্তব্য কৰি আৱালে লগতে কয়, ‘‘গগৈৰ সময়ে সময়ে বিভিন্ন ৰূপ দেখিবলৈ পাওঁ। তেওঁ সময়ে সময়ে মাওবাদী, কেতিয়াবা সুবিধাবাদী।‘’

আনহাতে, অসম আন্দোলনৰ বিৰোধিতা কৰা সংগঠন ‘আমছু’ক জাতীয় সংগঠনৰ আখ্যা দি অখিল গগৈয়ে তেওঁলোকৰ বোকোচাত উঠি আন্দোলন কৰা আৰম্ভ কৰিছে। মুমিনুল আৱালৰ এই মন্তব্যই শিলাদিত্য দেবেও কিছুদিন পূৰ্বে কৰিছিল।

মন কৰিবলগীয়া কথা যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ৭০ টা বিভিন্ন জাতি-জনগোষ্ঠীৰ  সংগঠনে একত্ৰিত হৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আন্দোলন কৰিছে। এইক্ষেত্ৰত আমছুৰ বোকোচাত উঠি অখিল গগৈয়ে আন্দোলন কৰা বুলি কৰা মন্তব্যই অখিলৰ প্ৰতি বিজেপি যে শংকিত তাকেহে যেন প্ৰকাশ কৰিলে।

তেওঁৰ মতে ‘’অখিল গগৈয়ে হিন্দু বাংলাদেশী শব্দটোৰে জনসাধাৰণক আতংকিত কৰিছে।‘’

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ‘’অবৈধ বিদেশী’’ৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি তেওঁ অখিল গগৈক প্ৰত্যাহ্বান জনাই কয়, ‘’এইক্ষেত্ৰত অখিল গগৈ কিয় নিমাত তথা কোনোধৰণৰ অভিযোগ কিয় উত্থাপন কৰা নাই , সেই কথা ৰাজহুৱা কৰক।‘’

তদুপৰি অখিল গগৈয়ে ৭০ টা সংগঠন আছে বুলি দাবী কৰিলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ কৰা তেওঁলোকৰ গোহাঁৰি পত্ৰত মাত্ৰ ৫৭ টা সংগঠন আছে বুলি সদৰী কৰে আৱালে।

নিজৰ ৰাজনৈতিক অভিসন্ধি আৰু ভোটৰ ৰাজনীতিত অখিলৰ আন্দোলনে আনিব পৰা বাধাক লৈ শংকিত হোৱাটোকে প্ৰমাণ কৰিলে ৰাজ্যিক বিজেপিৰ আজিৰ সংবাদমেলে। কাৰণ এটা প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক নেতৃত্বই এজন আন্দোলনকাৰী নেতাক মূল বিষয় হিচাপে লৈ তিনিবাৰকৈ সংবাদমেল দিয়াটোৱে তাকেই যেন প্ৰমাণ কৰিলে।