NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙৰ ফুলনিবাজাৰৰ পৰা ব্যৱসায়ীক অপহৰণ

Posted by: নংগি তেৰাং November 21, 2018 7:41 pm
Bablu Dev

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফুলনিবাজাৰৰ পৰা এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে, বাবলু দেব (৩১) নামৰ ব্যৱসায়ীজনক মটৰচাইকেলত অহা ৩জন দুষ্কৃতিকাৰীয়ে ২০ নৱেম্বৰ মঙলবাৰে আবেলি ৬-৩০ বজাত ফুলনিবাজাৰৰ পৰা অপহৰণ কৰি নিয়ে।

অপৰহণ সংঘটিত হোৱা সময়চোৱাত বিজুলী ব্যাহত হৈ থকা বাবে অঞ্চলটো অন্ধকাৰ হৈ আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে দুজন বাবতিনিজন লোকে মটৰচাইকেলত আহি শূন্যলৈ গুলীচালনা কৰে আৰু বাবলু দেবক অপহৰণ কৰি নিয়ে। এজন লোকক ৩জন লোকৰ দ্বাৰা কেনেদৰে মটৰচাইকেলত অপহৰণ কৰাটো সম্ভৱ হ’ল সেয়া ৰহস্যৰ আৱৰ্তত।

ৰাতিপুৱা ঘটনাস্থলীত একে-৫৬ ৰাইফলৰ ২টা খোলা উদ্ধাৰ কৰা হয়। এতিয়ালৈকে কোনো সংগঠনে অপৰহণৰ দায়িত্ব স্বীকাৰ কৰা নাই। একাংশ লোকে সন্দেহ কৰিছে যে বাবলুৰ ককায়েক বাপন দেব হে অপহৰণৰ আচল লক্ষ্য আছিল। বাপন দেবে দোকান বন্ধ কৰি থকাৰ সময়তেই অপহৰণকাৰীয়ে তেওঁৰ ভায়েক বাবলুক অপহৰণ কৰি নিয়ে। উল্লেখ্য যে ফুলনিবাজাৰত দুয়ো কাকায়েক-ভায়েকৰ এখন গেলামালৰ দোকান আছে।