NORTHEAST NOW (Assamese)
অসম

Video|| হঁহুৱাবলৈ ‘আহি আছে’ মিঃ ৰাজকুমাৰৰ ১ম পূৰ্ণাংগ চিনে’মা, চাওক ট্ৰেইলাৰ

Posted by: এন ই নাও নিউজ November 22, 2018 5:14 pm
Mr Rajkumar Assam

শুকুৰবাৰে অসমৰ চিত্ৰগৃহত মুক্তি পাব মিঃ ৰাজকুমাৰ অভিনীত ১ম খন পূৰ্ণদৈৰ্ঘ্যৰ চিনে’মা ‘আহি আছে’।

নিপন ধলুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চিনে’মাখনত ৰাজকুমাৰৰ লগতে অসমৰ চিনেমা জগতৰ আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীকো দেখা যাব। ছবিখনৰ গীতত কণ্ঠদান কৰিছে দীপেন বৰুৱাই।

দৰ্শকক মনোৰঞ্জন দিব খোজা ‘হাস্যমধুৰ চিনে’মা’খন দৰ্শকে আদৰি ল’ব বুলি আশা কৰিছে ছবিখন নিৰ্মাণৰ লগত জৰিত কলা-কুশলীসকলে।

সামাজিক মাধ্যম youTube, ফে’চবুক আদিৰ জৰিয়তে অসমত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ব্যাপক চৰ্চা লাভ কৰা মিঃ ৰাজকুমাৰৰ ছবিখনৰ প্ৰতি দৰ্শকৰ সহাৰি লক্ষণীয় হ’ব।