NORTHEAST NOW (Assamese)
অসম

৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল কাৰাটেৰ অসম দলত বৰপেটাৰ ৫ খেলুৱৈ

Posted by: পুলেন্দ্ৰ দাস November 25, 2018 4:49 pm
assam karate

মধ্য প্ৰদেশৰ ইন্দোৰত অহা ২৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল কাৰাটেৰ অসম দলত বৰপেটাৰ পাঁচগৰাকী কাৰাটে খেলুৱৈয়ে স্থান লাভ কৰিছে। খেলুৱৈ কেইগৰাকীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ খেলুৱৈ সমাজ।

উল্লেখ্য যে, ২৫ ডিচেম্বৰ পৰা ৩১ ডিচেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্কুল কাৰাটেত অসম দলক প্ৰতিনিধিত্ব কৰিব লগা বৰপেটাৰ খেলুৱৈ সকল হ’ল ক্ৰমে ১৪ বছৰ অনূৰ্ধ্বত বিক্ৰম ৰুদ্ৰমন্ত(৪০ কেজি কুমিটি) ৰহিত ৰজক (৫৫ কেজি কুমিটি) ১৭ বছৰ অনূৰ্ধ্বত ছাৰহান ৰছুল (৫০ কেজি কুমিটি) আৰু হানী আলী (৫২ কেজি কুমিটি) নামৰ ছোৱালীগৰাকী।

আনহাতে জানুৱাৰি মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় স্কুল কাৰাটেত বৰপেটাৰে প্ৰতিভাৱান খেলুৱৈ নিচাদ আলী (৭০ কেজি কুমিটি)এ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে, অসম দলত স্থান লাভ কৰা বৰপেটাৰ খেলুৱৈ সকলক বৰপেটা জিলা কাৰাটে ডো সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক হাচমত আলীয়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে।