NORTHEAST NOW (Assamese)
অসম

১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰত প্ৰথম স্থান অধিকাৰ কোকিলাৰ ছানিয়া মিৰ্জাৰ

Posted by: ইয়াছিন আলী November 26, 2018 12:16 pm
IMG-20181125-WA0007

দেওবাৰে বঙাইগাঁও জিলাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ১৬ বছৰ অনূৰ্ধ্বৰ এখনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনত কোকিলাৰ নিকটৱৰ্তী গোলাপাৰাৰ ছানিয়া মিৰ্জাই ৫৪ মিনিটত ১১ কিলোমিটাৰ দৌৰ সম্পন্ন কৰি  প্ৰথম স্থান অধিকাৰ কৰে।

গোলাপাৰালৈ গৌৰৱ কঢ়িয়াই অনা ছানিয়াক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। জানিব পৰা মতে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ড গাঁৱৰ ছামচুল হক আৰু বিলাতন নেছাৰ কন্যা তথা গোলাপাৰা এম ই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ছানিয়া মিৰ্জা (১২)ই প্ৰথমবাৰৰ বাবে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়ে এনেধৰণৰ সফলতা অৰ্জন কৰাত পৰিয়ালৰ লোক আনন্দিত হৈ পৰিছে।

উল্লেখ্য যে ছানিয়াই নিজৰ জ্যেষ্ঠ ভাতৃ তথা মাৰাথান দৌৰবিদ নিজাম উদ্দিনৰ লগত দৌৰৰ অনুশীলন কৰে। দেওবাৰে ৰাজ্যিক ভিত্তিক ১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান অধিকাৰ কৰি ছানিয়াই ট্ৰফিৰ লগতে নগদ পাঁচ হাজাৰ এশ টকাৰ চেক লাভ কৰে।

ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত লাভ কৰা সাফল্যৰ বাবে ছানিয়া মিৰ্জাক উত্তৰ শালমাৰা জিলা আমছু, বঙাইগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, কোকিলা প্ৰেছ ক্লাৱ, বঙাইগাঁও জিলা বাৰ্তাজীৱি সংঘ, মানাহ ভেলী বিকাশ মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যতে সফল দৌৰবিদ হোৱাৰ বাবে আশীৰ্বাদ কৰে।