NORTHEAST NOW (Assamese)
অসম

কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য মন্ত্ৰী : চলিত মাহতে ৰাজ্যত সৰ্বমুঠ ১৫৯ টা নৱজাতকৰ মৃত্যু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 29, 2018 7:10 pm
5c1419cb-2c18-4152-8ec3-ff51d3f06ad2

কুম্ভকৰ্ণ নিদ্ৰাত আছে কংগ্ৰেছৰ শাসন কালৰে পৰা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ‘দক্ষ’ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰে কাৰ্য্যকালত চলিত মাহত যোৰহাট আৰু কামৰূপ মেট্ৰ’ জিলাত ৮১ টাকৈ নৱজাতকে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে ৰাজ্যত সৰ্বমুঠ ১৫৯ টা নৱজাতকে মৃত্যুক সাবটি লৈছে।

উল্লেখ্য যে, যোৱা ১৭ নৱেম্বৰৰ দিনা নৰ্থ ইষ্ট নাওৱে বাতৰি যুগুত কৰা সময়লৈকে ৬৮ টা নৱজাতকে মৃত্যুক সাবটি লৈছিল, তাৰ বিপৰীতে বিগত ১১ দিনৰ ভিতৰত ইয়াৰ সংখ্যা বৃদ্ধি পাইছে ১৫৯ টালৈ।

বাতৰি কাকত আৰু টেলিভিশ্বনত বিজ্ঞাপনৰ জৰিয়তে চমক সৃষ্টি কৰা দক্ষ মন্ত্ৰীৰ বিভাগতে চলিত মাহত যোৰহাট জিলাত মৃত্যুক সাবটি লৈছে ৪৭ টা কৈ নৱজাতকে। লগতে কালি আৰু আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লৈছে ৪ টাকৈ নৱজাতক আৰু দুগৰাকীকৈ প্ৰসূতিয়ে।

ইপিনে, কামৰূপ (মেট্ৰ’)ত চলিত মাহত ৩৪ টাকৈ নৱজাতকে মৃত্যুক সাবটি লৈছে।

অৱশ্যেই, এয়া আমি মনে সাজি দিয়া তথ্য নহয়, এনএইচআৰএমৰ চৰকাৰী ৱেবছাইটতে এই তথ্য প্ৰকাশ পাইছে।

0491a685-b85e-4f1e-b424-a3c219f99959
এন আৰ এইচ এমৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য।

মন কৰিবলগীয়া কথা যে, চলিত মাহত বৰপেটাত ১ টা, ধেমাজি জিলাত ১৬ টা, গোৱালপাৰাত ১৩ টা, গোলাঘাটত ১৫ টা, যোৰহাটত ৪৭ টা, কৰিমগঞ্জত ৪টা, লখিমপুৰত ১৩ টা, নলবাৰীত ৮ টা, বাক্সা ১ টা, দৰং জিলাত ২ টা, কৰিমগঞ্জত ৪ টা, কোকৰাঝাৰ ৫ টা নৱজাতকে মৃত্যুক সাৱটি লোৱা দেখুওৱা হৈছে ৱেবছাইটটোত।

তাৎপৰ্য্যপূৰ্ণভাৱে, নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা স্বাস্থ্য বিভাগে ৰাজ্যখনত চলিত মাহৰ ১০ তাৰিখলৈকে মুঠ ১৪ টা নৱজাতকেহে মৃত্যুক সাৱটি লোৱা বুলি দেখুৱাইছিল যদিও ১৭ নৱেম্বৰত প্ৰকাশ কৰা তথ্যত ৬৮ লৈকে এই সংখ্যা বৃদ্ধি পাইছিল। ২৯ নৱেম্বৰত প্ৰকাশ পোৱা তথ্যত ইয়াৰ হাৰ বৃদ্ধি পাই ৰাজ্যখনত সৰ্বমুঠ ১৫৯ টা নৱজাতকে চলিত মাহত মৃত্যুক সাবটি লৈছে। অৰ্থ্যাৎ বিগত ১১ দিনত ৰাজ্যত মৃত্যু হৈছে ৯১ টা নৱজাতকে।

ইপিনে, যোৱা ১৭ নৱেম্বৰলৈকে ৰাজ্যখনত বিগত ৮ মাহত ৩৬৮৩ টা নৱজাতকে মৃত্যুক সাবটি লৈছিল যদিও বিগত ১১ দিনত এই সংখ্যা হ’লগৈ ৩৮৪২ টা। তদুপৰি উক্ত দিনটোলৈকে ৫০৭ গৰাকী প্ৰসূতিয়ে মৃত্যুক সাবটি লৈছিল। তাৰ বিপৰীতে আজিৰ দিনত এই সংখ্যা ৫৩৭ গৰাকী। অৰ্থ্যাৎ ৰাজ্যত বিগত ১১ দিনত মৃত্যুমুখত পৰিছে ৩০ গৰাকী প্ৰসূতি।

প্ৰণিধানযোগ্য যে, এনএইছআৰএমৰ চৰকাৰী ৱেবছাইটৰ তথ্যই উদঙাই দিছে স্বাস্থ্য বিভাগৰ সোপাঢিলা নীতি তথা প্ৰকৃত ফোপোলা স্বৰূপ। তাৰ পাছতো এই কথাত কোনো কেৰেপ নকৰি কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মা। বৰঞ্চ স্বাস্থ্য মন্ত্ৰীগৰাকী পঞ্চায়তৰ নিৰ্বাচনী সভাত ব্যস্ত হৈ পৰাৰ লগতে এজনৰ পাছত আন এজন অগপ তথা অন্য দলৰ নেতাক সমালোচনা কৰি গৈছে।

দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ লগতে ৰাজ্যৰ অন্যান্য দল-সংগঠনে সৰ্বাধিক হাৰত নৱজাতক-প্ৰসূতিৰ মৃত্যুৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছিল যদিও উক্ত অভিযোগক লৈ ডেমকেয়াৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়াকৈ এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাই। বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যালয়ত শৰ্মাই সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’এনেধৰণে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৱে এক অভিলেখৰ সৃষ্টি কৰিছে। এইধৰণৰ মৃত্যুৱে সৰ্বকালৰ সীমা অতিক্ৰম কৰিছে।‘’

‘‘হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা বিভাগসমূহ কাৰ পৰিচালনাৰে পৰিচালিত হয়, অথবা তেওঁৰ বিভাগত সংঘটিত এনেধৰণৰ ঘটনাই ৰাজ্যখনক কোন দিশলৈ লৈ যাব সেই কথা তেওঁ আৰু ভগবানেহে জানে,‘’ এইদৰে কয় মুখপাত্ৰ শৰ্মাই।