NORTHEAST NOW (Assamese)
অসম

ইজৰায়েলত মৃত্যু অসমৰ যুৱতীৰ, অভিভাৱকৰ সন্ধান বিচাৰিছে দিল্লী আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ November 29, 2018 9:15 pm
assam girl neha sarma dies in israel

ইজৰায়েলত বৃহস্পতিবাৰে মৃত্যু হৈছে অসমৰ নেহা শৰ্মা নামৰ এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ মৃতদেহ আনিবলৈ অভিভাৱকৰ সন্ধানত ৰাইজৰ সহায় বিচাৰিছে দিল্লী আৰক্ষীৰ মহা পৰিদৰ্শক ৰবিন হিবুৱে।

যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৃত শৰ্মা সহায়িকা ৰূপে দেশখনলৈ কাম কৰিবলৈ যোৱা বুলি উদ্ধাৰ হোৱা এক শপতনামাত উল্লেখ আছে।

ips robin hibu facebook post
ৰবিন হিবুৰ ফে’চবুক প’ষ্ট।

পাছপ’ৰ্টত উল্লেখ থকা মতে যুৱতীগৰাকীৰ ঘৰ অসমৰ মেৰাবিলত। যুৱতীগৰাকীৰ দেউতাক পুষ্কৰ ৰাজ শৰ্মা আৰু মাক তীৰথ শৰ্মা বুলি শপতনামাখনত উল্লেখ আছে।

ওদালগুৰি জিলাত মেৰাবিল নামৰ এখন ঠাই থকা বাবে নৰ্থ ইষ্ট নাও-ৰ তৰফৰ পৰা এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্তৰ লগতো যোগাযোগ কৰা হৈছে, কিন্তু সবিশেষ তথ্য উদ্ধাৰ কৰিব পৰা হোৱা নাই।

আৰক্ষী বিষয়াজনে জনোৱা মতে তেল আভিভতে কৰ্মৰত মণিপুৰৰ জেচিকা থাংজাম নামৰ এগৰাকী যুৱতীয়ে তেওঁক ফ’নযোগে এই কথা জনাইছে।

আৰক্ষী বিষয়া হিবুৰ 9810083486 নম্বৰত আপোনালোকে যুৱতীগৰাকী সন্দৰ্ভত কিবা জানিলে ৱটচ এপ যোগে জনাব পাৰে।