NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ কলিয়াবৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত মাৰণাস্ত্ৰসহ আটক যুৱক

Posted by: ৰিদিপ শৰ্মা November 30, 2018 1:01 pm
Screenshot_20181130_115437

বৃহস্পতিবাৰে বিয়লি কলিয়াবৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা যুটীয়া অভিযানকাৰী দলে এক অভিযান চলাই অবৈধ মাৰণাস্ত্ৰৰ সৈতে এজন যুৱকক আটক কৰে।

এক সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত যুটীয়া অভিযানকাৰী দলটোৱে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীৰ সময়তে তেজপুৰৰ পৰা নগাঁৱৰ দিশে আহি থকা এখন আল্ট্ৰা গাড়ীৰ পৰা এটা চেভেন পইন্ট চিক্স ফাইভ পিষ্টলৰ সৈতে আটক কৰে যুৱকজনক।

ধৃত যুৱকজনক আব্দুল ইছলাম ওৰফে এবাদুল বুলি কলিয়াবৰ আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে। আনহাতে, ধৃত এবাদুলৰ লগত লেকিন নামৰ এজন সহযোগীও আছিল কিন্তু  বৰ্তমান পলাতক অৱস্থাত আছে।

Screenshot_20181130_115456
অভিযানকাৰী দলটোৱে জব্দ কৰা পিষ্টলটো
ফটো : নৰ্থ-ইষ্ট নাও

ধৃত এবাদুলক সম্প্ৰতি কলিয়াবৰ আৰক্ষীৰ জিম্মাত ৰাখি অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ তথা অনৈতিক কামত লিপ্ত থকা দলটোৰ বিষয়ে আৰু অধিক তথ্য সংগ্ৰহ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধৃত এবাদুলে ক’ৰ পৰা কি উদ্দেশ্যে এইদৰে অবৈধ মাৰণাস্ত্ৰ লৈ আহিছিল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা কাৰ্যই জিলাখনত যে এতিয়াও অবৈধ মাৰণাস্ত্ৰৰ ৰমৰমীয়া বেহা অব্যাহত আছে সেয়া প্ৰমাণ কৰি দিলে।