NORTHEAST NOW (Assamese)
অসম

ফ’ৰ্বছৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ মাজত স্থান লাভ অসম পৰ্যটনৰ এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ

Posted by: এন ই নাও নিউজ December 7, 2018 2:35 pm
Chopra

অসম পৰ্যটনৰ এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাই ফ’ৰ্বছ আলোচনীৰ ২০১৮’বৰ্ষৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে।

এই ১০০ জনীয়া শক্তিশালী মহিলাৰ তালিকাখনত ৩৬ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৯৪ নম্বৰত স্থান লাভ কৰিছে।

ফ’ৰ্বছে ২০১৮’বৰ্ষৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ পৰা নেতৃত্ব দিয়া মহিলাৰ মাজৰ পৰা ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰিয়ংকা চোপ্ৰাৰ বাহিৰেও আৰু তিনি গৰাকী ভাৰতীয় মহিলাই এই তালিকাত স্থান লাভ কৰিছে। তেওঁলোক হ’ল- এইচ চি এল এন্টাৰপ্ৰাইজৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোশনি নাদাৰ মালহোত্ৰা (৫১ নং স্থান), বায়’কন লিমিটেডৰ পৰিচালন সঞ্চালক কিৰন মজুমদাৰ শ্ব’ (৬০ নং স্থান) আৰু হিন্দুস্তান টাইমছ গ্ৰুপৰ অধ্যক্ষ শোবানা ভাৰতীয়া (৮৮ নং স্থান)।

অলপতে আমেৰিকান কণ্ঠশিল্পী নিক জ’নছৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা কোৱানটিকোৰ নায়িকাগৰাকীয়ে মুম্বাইৰ পৰিচিত পাৰ্প’ল পেব’ল পিকশ্যাৰছ নামৰ প্ৰডাকশ্যন কোম্পানীটোৰো স্বত্ত্বাধিকাৰী। এই কোম্পানীটোৱে আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাতা আৰু উদীয়মান ভাৰতীয় প্ৰতিভাক উৎসাহিত কৰি আহিছে।

প্ৰিয়ংকা চোপ্ৰাৰ এই প্ৰডাকশ্যন কোম্পানীটোৱে অলপতে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন চলচ্চিত্ৰ প্ৰযোজনা কৰিছে। সেই দুখন হ’ল অসমীয়া চলচ্চিত্ৰ ‘ভগা খিড়িকি’ আৰু ছিকিমী চলচ্চিত্ৰ ‘পহুনা’।

ইউনিছেফৰ গুডউইল এম্বেছাদৰ গৰাকীয়ে লগতে ২০০৪ চনত প্ৰিয়ংকা চোপ্ৰা ফাউণ্ডেশ্যন ফ’ৰ হেলথ্ এণ্ড এডুকেশ্যন নামৰ সংস্থা এটাও খুলিছে। এই সংস্থাটোৰ জৰিয়তে প্ৰিয়ংকাই তেওঁৰ আয়ৰ ১০ শতাংশ ধন সমাজৰ অৱহেলিত শ্ৰেণীৰ শিক্ষা আৰু চিকিৎসাৰ বাবে ব্যয় কৰে।