NORTHEAST NOW (Assamese)
অসম

জ্ঞানেন্দ্ৰ হত্যাকাণ্ড : উপৰ্যুপৰি গোচৰৰ পিছতো ডি এছ পি পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয় চৰকাৰে

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া December 7, 2018 11:17 pm
Gyanendra

পঞ্চায়ত নিৰ্বাচনৰ মাজতে যোৱা ৫ ডিচেম্বৰত গোলাঘাটৰ হাবিয়াল গাঁৱত আৰক্ষীয়ে এজন যুৱকক গুলীয়াই নিহত কৰাৰ ঘটনাই এতিয়া দেশৰ ৰাজধানী চহৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাত জড়িত আৰক্ষী বিষয়া পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত পুনৰ এক গোচৰ দাখিল কৰা হৈছে।

দিল্লীত কৰ্মৰত যোৰহাটৰ টিয়কৰ ভাৰ্গব ভূষণ ভূঞা নামৰ এজন ব্যক্তিয়ে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অনলাইনযোগে উক্ত অভিযোগ দাখিল কৰিছে। এই সম্পৰ্কত ব্যক্তি গৰাকীৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত তেওঁ সমগ্ৰ ঘটনাতো সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰে বুলি উল্লেখ কৰি গোলাঘাট আৰক্ষীৰ অমানৱীয় আচৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কয়।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে নিহত যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষী থানাত হত্যাকাণ্ডৰ গোচৰৰ উপৰি বেদব্ৰত শইকীয়া নামৰ এজন যুৱকেও ৰাজ্যিক মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছে।

কিন্তু ইয়াৰ পিছতো অভিযুক্ত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ মৌখিক প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে ইয়াৰ আগেও ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ আছে।