NORTHEAST NOW (Assamese)
অসম

ডা০ বেদ চতুৰ্বেদীলৈ ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ সৰ্বোচ্চ সন্মান

Posted by: এন ই নাও নিউজ December 8, 2018 10:25 am
Dr Ved Chaturvedi

বিখ্যাত ৰুমাট’লজিষ্ট ড০ বেদ চতুৰ্বেদীলৈ আগবঢ়োৱা হৈছে ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ সৰ্বোচ্চ সন্মান। উল্লেখ্য যে ৰুমাট’লজি হৈছে বিভিন্ন প্ৰকাৰৰ জোৰা আৰু পেশীৰ বিষ চিকিৎসা কৰা আধুনিক চিকিৎসা বিজ্ঞানৰ এটা শেহতীয়া শাখা।

গুৱাহাটীত অনুষ্ঠিত এখন বাৰ্ষিক আলোচনাচক্ৰত দিল্লীস্থিত ৰুমাট’লজিষ্ট ডা০ চতুৰ্বেদীক  ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে ছাৰ গ্ৰাহাম হস্পিটেলত যোগদান কৰাৰ পূৰ্বে ড০ চতুৰ্বেদী ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী চিকিৎসা বিষয়াৰ পদবীত আছিল। তেওঁৰ গুৱাহাটীস্থ সেনাৰ বেছ হস্পিটেলৰ (BH) সঞ্চালকৰ পদতো আছিল। ২০০৯ চনত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ সময়ত তেওঁ আহতসকললৈ নিৰৱিচ্চিন্নভাৱে সেৱা আগবঢ়াইছিল।

সুদীৰ্ঘ বছৰ ধৰি ভাৰতৰ ৰুমাট’লজি বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা বৈজ্ঞানিক আৰু প্ৰশাসনিক সেৱাৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে।

তেওঁৰ জইণ্ট আল্ট্ৰাছাউণ্ড আৰু গাঁঠিৰ বিষৰ বাবে দিয়া ‘বায়লজিকছ’ (Biologics)নামৰ নতুন ঔষধ আদি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছিল। বহু প্ৰকাৰৰ আৰ্থাইটিছ ৰোগৰ চিকিৎসাৰ ওপৰত তেওঁ গৱেষণা কৰিছিল।

এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনে গুৱাহাটীত সংস্থাটোৰ বাৰ্ষিক আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। কালি ৭ ডিচেম্বৰ শুকুৰবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত চিকিৎসকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত আছিল আমেৰিকান কলেজ অব ৰুমাট’লজি আৰু এছিয়া পেচিফিক লীগ অব এছোচিয়েশ্যন ফৰ ৰুমাট’লজি ছচাইটীৰ সভাপতি দুগৰাকী উপস্থিত আছিল।