NORTHEAST NOW (Assamese)
অসম

কলকাতাৰ বিৰুদ্ধে ড্ৰ খেলিলেও দ্বিতীয় স্থানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ December 8, 2018 10:56 pm
North East United

আই এছ এলৰ আজিৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে কলকাতা এটলেটিকোৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলে যদিও পইণ্ট তালিকাত এঢাপ আগুৱাবলৈ সক্ষম হৈছে। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা আজিৰ খেলখনত দুয়োটা দলে গ’ল দিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও কোনো দলেই গ’লৰ মুখ নেদেখিলে।

এইখন নৰ্থ-ইষ্ট য়ুনাইটেডৰ ১১ সংখ্যক খেল আছিল আৰু তেওঁলোকৰ মুঠ পইণ্ট হয়গৈ ২০। আজিৰ খেলৰ আগ মুহূৰ্তলৈকে ২০ পইণ্টেৰে মুম্বাই চিটি দ্বিতীয় স্থানত আছিল যদিও একে সমান পইণ্ট যদিও গ’লৰ হাৰৰ দিশৰ পৰা নৰ্থ-ইষ্ট য়ুনাইটেডে সেই স্থান দখল কৰে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এই পৰ্য্যন্ত মাত্ৰ ১খন খেলতহে পৰাজিত হৈছে। দলটোৱে এই পৰ্য্যন্ত ১১খন খেলৰ ৫খনত জয় পোৱাৰ বিপৰীতে ৫খন ড্ৰ খেলিছে। দলটোৰ পৰৱৰ্তী খেল আছে গোৱাৰ বিৰুদ্ধে ১৪ ডিচেম্বৰত।