NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ কোকিলাত এটা হৰিণা পহু উদ্ধাৰ

Posted by: ইয়াছিন আলী December 11, 2018 1:38 pm
Deer rescue

বঙাইগাঁও জিলাৰ মাণিকপুৰ বন সংমণ্ডল তথা কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰাত আজি পুৱাই স্থানীয় লোকৰ সহযোগত এটি আঘাতপ্ৰাপ্ত হৰিণা পহু উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে কামাল পাশা নামৰ এজন ব্যক্তিয়ে পুৱাই নিজৰ পুখুৰীৰ পাৰত হৰিণা পহুটো দেখা পায়। হৰিণাটোৰ উপস্থিতিৰ কথা গম পাই লগে লগে অঞ্চলটোত বহু লোকৰ সমাগম হয়। পিছে অজস্ৰ মানুহৰ সমাগম দেখি হৰিণা পোৱালীটো উক্ত স্থান এৰি পলাবলৈ চেষ্টা কৰে যদিও হৰিণাটো গ্ৰীণ ভেলী ফাৰ্মাৰ্চ ক্লাব আৰু কিছু প্ৰকৃতি প্ৰেমী ব্যক্তিৰ তৎপৰতাত কৰায়ত্ব কৰে।

উল্লেখ্য যে হৰিণা পোৱালিটোৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা গৈছে। স্থানীয় একাংশ লোকে হৰিণাটোক বাঘে আক্ৰমণ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

হৰিণাটোক উদ্ধাৰ কৰাৰ পাছত স্থানীয় লোকে বন বিভাগৰ লোকক খবৰ দিছিল যদিও বন বিভাগৰ লোক উপস্থিত হোৱাৰ আগতেই ঘটনাস্থলত কোকিলা আৰক্ষী উপস্থিত হৈ হৰিণা পোৱালীটো চমজাই লয়।

ইফালে বন বিভাগৰ লোক সময়মতে ঘটনাস্থলত উপস্থিত নোহোৱা দেখি স্থানীয় লোকে বন বিভাগ মুৰ্দাবাদ, বন বিভাগ গ’বেক, কোকিলা আৰক্ষী জিন্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।