NORTHEAST NOW (Assamese)
অসম

ছট্টিছগড়ত কংগ্ৰেছৰ যুদ্ধৰ আঁৰৰ অসমীয়াজন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 11, 2018 9:50 pm
Chattishgarh_2

ছট্টিছগড়ত বিজেপিৰ পোন্ধৰ বছৰীয়া শাসন ওফৰাই পেলোৱা কংগ্ৰেছক নেতৃত্ব দিছিল এজন অসমীয়াই। হয়, ছট্টিছগড়ত কংগ্ৰেছৰ নিৰ্বাচনৰ দায়িত্বত আছিল অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা। তথাকথিত মোদী ঢৌৰ মাজতে ৰাজ্যখনত বিজেপিৰ বাবে বৃহৎ ওভতনি সোঁতৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছক পৰিপক্ব ৰাজনৈতিক কৌশলেৰে অভাৱনীয় জয় আনি দিয়াত মুখ্য ভূমিকা লয় সাংসদজনে।

উল্লেখযোগ্য যে আজি ঘোষিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ সপক্ষে যোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। ৯০ আসন থকা ৰাজ্যখনত কংগ্ৰেছে প্ৰায় ৬৫খন আনসত জিকাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে।

Bhubaneswar-Kalita

সাধাৰণতে অসমৰ হিমন্ত বিশ্বক নিৰ্বাচনী কৌশলত অদ্বিতীয় বুলি ধৰা হয় যদিও ভুৱনেশ্বৰ কলিতাৰ এই সাফল্য অধিক উচ্চ ধৰণৰ বিবেচিত হৈছে। কাৰণ হিমন্তই যিকেইখন ৰাজ্যত বিজেপিৰ নিৰ্বাচনী দায়িত্ব লৈছিল, তাৰ ভিতৰত ত্ৰিপুৰাতহে চকুত পৰা ধৰণৰ সাফল্য পাইছিল। তুলনামূলকভাৱে ত্ৰিপুৰা এখন সৰু ৰাজ্য আৰু উত্তৰ-পূবৰ এই ৰাজ্যখনৰ সৈতে অসমৰ ৰাজনীতি-সংস্কৃতিৰ মিল আছে। কিন্তু তাৰ পৰিৱৰ্তে কলিতাৰ সাফল্য সম্পূৰ্ণ অচিনাকি পৰিৱেশ আৰু বৃহৎ পৰিৱেশত।

কলিতাই ৰাজ্যখনত প্ৰাৰ্থী নিৰ্বাচনতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। চেণ্ট্ৰেল স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ হিচাপে কলিতাই এই ভূমিকা পালন কৰিছিল।

আজি নিৰ্বাচনৰ ফলাফল দেখি স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে ৰাজ্যখনৰ নিৰ্বাচনৰ দায়িত্বত থকা ভুৱনেশ্বৰ কলিতা।

“যোৱা ১৫টা বছৰ ড০ ৰমন সিং নেতৃত্বাধীন ছট্টিছগড়ৰ ৰাইজ প্ৰৱঞ্চনাৰ বলি হৈ আহিছিল। সেয়েহে ছত্তিশগড়ৰ জনসাধাৰণে ইয়াৰ অৱসান বিচাৰিলে বুলিও তেওঁ কয়।” নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ভুৱনেশ্বৰ কলিতাই কয়।

ইয়াৰোপৰি, কৃষকৰ হিতৰ বাবে ছট্টিছগড়ৰ চৰকাৰে কোনো বিশেষ পদক্ষেপ নোলোৱাৰ বাবে বহু কৃষকে হতাশাত ভুগি আত্মহত্যা কৰা বুলিও জানিবলৈ দিয়ে কলিতাই।

“বিজেপি নেতৃত্বাধীন ছট্টিছগড় চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া এটা প্ৰতিশ্ৰুতিও পালন কৰা নাছিল। কৃষকসকলক যিখিনি সা-সুবিধা প্ৰদান কৰিব লাগিছিল, সেইবোৰ দিয়া নাছিল। ফলস্বৰূপে বহু কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছিল।” কলিতাই কয়।

ইয়াৰোপৰি, ছত্তিশগড়ত ‘শিক্ষিত নিবনুৱা’ আৰু ‘সংস্থাপনহীন অভিযন্তা’ৰ সংখ্যা সৰ্বাধিক বুলি জানিবলৈ দি লগতে কলিতাই কয়, “সেইসকলক সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিয়ে।”

আনহাতে, জি এছ টি আৰু বিমুদ্ৰাকৰণৰ বাবে ছট্টিছগড়ত মধ্যমীয়া ব্যৱসায়ীসকল বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল বুলিও কয়। “ইয়াৰ প্ৰতিবাদ স্বৰূপেই জনগণে বিজেপিৰ বিপক্ষে ভোটদান কৰিলে।” কলিতাৰ দাবী।

তেওঁ কয়, “মোদীৰ জনপ্ৰিয়তা কেৱল হ্ৰাস পোৱাই নহয়, পাঁচোখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পৰা গম পোৱা গৈছে তেওঁৰ জনপ্ৰিয়তা একেবাৰেই নাইকিয়া হৈ গৈছে।”