NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ অনশন সামৰিলে কিয় ৭০টা সংগঠনে?

Posted by: এন ই নাও নিউজ December 12, 2018 10:54 pm
70 Ethnic Organizations of Assam Staging a hunger Strike against Citizenship (Amendment) Bill 2016 at New Delhi on 09-12-18. Pix BY UB Photos

দেশৰ সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্য্যক্ৰমণিকাত নাগৰিকত্ব বিধেয়ক উত্থাপনৰ বিষয় নথকাতো নিশ্চিত হোৱা বাবে নতুন দিল্লীত চলি থকা অনশন কাৰ্য্যসূচী বুধবাৰৰ পৰা স্থগিত ৰাখিছে অসমৰ ৭০টা সংগঠনে।

কিন্তু পৰৱৰ্তী সময়্ত বিধেয়কখন উত্থাপনৰ বিষয় সংসদৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হ’লেই দেশৰ ৰাজধানীত “কঠোৰ” আন্দোলনৰ সকীয়নি দিছে অসমৰ সংগঠনকেইটাই।

সংগঠনকেইটাই লগতে কয় যে “দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি আৰু অসমবাসীৰ সংগ্ৰামৰ ওচৰত সেও মানিয়ে বিজেপি দলে সংসদত বিধেয়কখন উত্থাপনৰ বাবে সাহ কৰিব পৰা নাই।”

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুঁজত অসমৰ ৭০টা সংগঠনলৈ সমৰ্থন আগবঢ়োৱা গণ আন্দোলনসমূহ।

যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা অনশন কাৰ্য্যসূচীটোত ভাৰতৰ “আটাইবোৰ গুৰুত্বপূৰ্ণ” গণ আন্দোলনৰ লগতে বিভিন্ন মূধাফুটা ব্যক্তি, ৰাজনৈতিক দল আৰু দিল্লীস্থিত বিশ্ববিদ্যালয়ৰ শিক্ষক, গৱেষক ছাত্ৰ-ছাত্ৰীৰ সমৰ্থন পোৱা বুলিও সদৰী কৰিছে সংগঠনকেইটাই।

যন্তৰ মন্তৰত বুধবাৰে অনশনথলীত আৰ জে দিৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতাৰ লগতে কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতা উপস্থিত আছিল।