NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত আয়োজিত পৰিয়াল প্ৰবোধন কাৰ্য্যক্ৰম সম্পন্ন

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 16, 2018 7:48 am
Sivasagar rastra samiti

ৰাষ্ট্ৰ সেৱিকা সমিতি শিৱসাগৰ জিলা শাখাৰ উদ্যোগত ১৫ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে শিৱসাগৰ যুৱ দ’লত অনুষ্ঠিত হয় পৰিয়াল প্ৰবোধন কাৰ্য্যক্ৰম। ভাৰতীয় সভ্যতাৰ প্ৰাচীন পৰিয়াল ব্যৱস্থাক যুগৰ লগত মিলাই আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ হালদেৰকাৰ উপস্থিত থাকি ভাষণত কয় যে অসমীয়া সমাজৰ প্ৰাচীন পৰিয়াল ব্যৱস্থাত আদৰ্শ বৰ্তাই ৰখাৰ প্ৰয়াস কৰি আহিছে ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে। আজিৰ ব্যস্ততা পূৰ্ণ যুগত আমাৰ পৰিয়ালৰ সদস্যৰ লগত মৰম স্নেহ কমি গৈছে, যাৰ বাবে ঘৰুৱা হিংসা, মানসিক অত্যাচাৰ আদি বাঢ়ি গৈছে।

ইয়াৰ উপৰি পৰিয়ালৰ মাজত মৰম স্নেহ, একতা, আদৰ্শ বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে সদাই প্ৰচেষ্টা কৰি যাব বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ গৰাকীয়ে।

অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্য্যবাহ ডাঃ উমেশ চক্ৰৱৰ্তীয়ে। আনহাতে প্ৰমুখ হালদেৰকাৰৰ উপৰি শিৱদৌলৰ মুখ্য পুৰোহিত সুৰেশ বৰঠাকুৰ, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী চলিহাকে ধৰি বহুকেজন বিশিষ্ট ব্যক্তিয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে।