NORTHEAST NOW (Assamese)
অসম

অসমৰ কিশোৰ ৰিয়ান পৰাগ আই পি এলত; কিনিলে ৰাজস্থান ৰয়েলছে

Posted by: এন ই নাও নিউজ December 19, 2018 7:23 am
Riyan-Parag

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এটা সুখবৰ কঢ়িয়াই অসমৰ উদীয়ামান ক্ৰিকেটাৰ আৰু ইতিপূৰ্বে অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপত খেলা ৰিয়ান পৰাগে খেলিব আই পি এলত। ১৭ বছৰীয়া কিশোৰ ৰিয়ানে আই পি এলৰ শীৰ্ষস্থানৰ দল ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

১৮ ডিচেম্বৰত হোৱা আই পি এলৰ খেলুৱৈ নিলামত অসমৰ কিশোৰ খেলুৱৈজনক ৰাজস্থান ৰয়েলছে চুক্তিবদ্ধ কৰাৰ পিছতে অসমৰ ক্ৰীড়াপ্ৰেমী উৎফুল্ল হৈ পৰিছে। নিলামত তেওঁৰ দাম উঠিল ২০ লাখ টকা।

উল্লেখযোগ্য যে ৰিয়ান পৰাগে ২০১৮ চনৰ জানুৱাৰিত অনুষ্ঠিত ২০১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলত খেলাৰ সুযোগ পাইছিল। তাৰোপৰি তেওঁ ২০১৭ চনত ইংলেণ্ড ভ্ৰমণ কৰা অনূৰ্ধ্ব ১৯ ভাৰতীয় দলতো অন্তৰ্ভুক্ত হৈছিল।

ৰিয়ান অমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ তেওঁ অসমৰ ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৮ ডিচেম্বৰত হোৱা নিলামত  জয়দেৱ উনাদকট আৰু বৰুণ চক্ৰৱৰ্তী সৰ্বাধিক দামত চুক্তিবদ্ধ হয়। দুয়োজনৰ দাম উঠিল ৮.৪০ কোটি। ইয়াৰে জয়দেৱ চুক্তিবদ্ধ হয় ৰাজস্থান ৰয়েলছৰ সৈতে আৰু একেই দামত কিংছ ইলেভেন পঞ্জাবৰ সৈতে চুক্তিবদ্ধ হয় বৰুণ।