NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ চেগুণ চাৰিআলিত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 20, 2018 7:32 am
Truck

১৯ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে নিশা প্ৰায় ৮ মান বজাত শিৱসাগৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ চেগুণ চাৰিআলিত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন যুৱকৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কালি নিশা যুৱকজনে চেগুণ চাৰিআলিৰ এজন বন্ধুৰ ঘৰৰ পৰা বাইকেৰে ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা এ এছ ০১ ডি ডি ০৩৬৫ নম্বৰৰ এখন ট্ৰাকে খুন্দিয়ায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনৰ ঘটনাস্থলতে মৃত্যু হোৱা বুলি জনায়।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আকোৱালি লোৱা যুৱকজন শিৱসাগৰ নগৰৰ ষ্টেশ্যন চাৰি আলিৰ ভূপেন বৰুৱাৰ পুত্ৰ অনিৰ্বান বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায় সোধা পোচা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।