NORTHEAST NOW (Assamese)
অসম

গীতানগৰ থানাত হাজিৰ হ’ব লাগিব পাৰে জুবিন

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 22, 2018 10:56 pm
Zubeen-Garg

গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত নাম থকা সূত্ৰে তদন্তকাৰী গীতানগৰ থানাত হাজিৰ হ’ব লাগিব পাৰে জুবিন গাৰ্গ।

“ঘটনাটোত নাম সাঙোৰ খোৱা লোকসকলক এই গোচৰৰ তদন্তৰ আওতালৈ আনিব লাগিব পাৰে,” এতিয়ালৈকে কাকো সোধ-পোচ কৰা হোৱা নাই বুলি সদৰী কৰি নৰ্থ ইষ্ট নাও-ত শনিবাৰে এই মন্তব্য গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ।

চাঞ্চল্যকাৰী “আত্মহত্যা”ৰ ঘটনাটোত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে উদ্ধাৰ হোৱা “ন’ট”টো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক– ছুইচাইদ ন’টত জুবিন: নৰ্থ ইষ্ট নাও-ত প্ৰথম প্ৰতিক্ৰিয়া পত্নী গৰিমাৰ

“পৰ্য্যায়গতভাৱে” ঘটনাটোৰ তদন্ত আগবঢ়াই নিয়া হৈছে বুলি গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কৰা মন্তব্যকে দোহাৰি গীতানগৰ থানাৰ বিষয়াগৰাকীয়েও কয় যে ঘটনাটোৰ তদন্ত “ক্ষীপ্ৰ”তাৰে আৰু নিয়াৰিকৈ কৰা হৈছে।

জনপ্ৰিয় গায়কগৰাকীৰ পত্নী ফেচন দিজাইনাৰ গৰিমা শইকীয়া গাৰ্গেও “আইন আৰু আৰক্ষী”ৰ ওপৰত বিশ্বাস ৰাখি ঘটনাটোৰ উচিত তদন্ত বিচাৰিছিল।

অনুপম বৰদলৈৰ সৈতে “চা-চিনাকী” নোহোৱা সত্ত্বেও ঘটনাটোত নাম সাঙোৰ খোৱাটোত জুবিনে “বুজিয়ে নাই পোৱা” বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল পত্নী গৰিমাই।