• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছুইচাইদ ন’টত জুবিন: নৰ্থ ইষ্ট নাও-ত প্ৰথম প্ৰতিক্ৰিয়া পত্নী গৰিমাৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 21, 2018 9:10 pm

2 min read

Assam singer Zubeen's name in 'Suicide note': Northeast Now brings first reaction of wife Garima

জুবিন আৰু পত্নী গৰিমা। সৌজন্য- ফে’চবুক।

2.1k
VIEWS
Share on FacebookShare on Twitter

জন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত “জুবিন গাৰ্গ”ৰ নাম থকাক লৈ চলিত চৰ্চাৰ মাজত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

“আত্মহত্যাকাৰী” বৰদলৈৰ সৈতে জুবিনৰ কোনো চিনাকী নাছিল বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে শইকীয়াই।

“অনুপম বৰদলৈৰ সৈতে জুবিন গাৰ্গৰ কোনো চা-চিনাকী নাছিল। কেৱল এটা চিত্ৰগ্ৰহণৰ বাবে কিছুদিন আগত চিন্ময়ী বৰদলৈৰ কোম্পানিয়ে যোগাযোগ কৰিছিল আৰু সেইমতে সিদিনা পুৱা চিত্ৰ গ্ৰহণৰ বাবে খাৰঘুলিলৈ জুবিনক লৈ গৈছিল। কিন্তু অনুপম বৰদলৈৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সেই কাম সমাধা নকৰাকৈ তেওঁলোক উভতি আহিছিল। জুবিনে নিজে চিনি নোপোৱাৰ পাছতো নাম কিয় সাঙোৰ খালে তেওঁ বুজিয়ে পোৱা নাই,” শইকীয়াৰ মন্তব্য।

লগতে পঢ়ক– জুবিনৰ নাম কিয়? ‘চুইছাইদ’ ন’টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া

ঘটনাটোত অন্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া জুবিনৰ একোৱেই নাই বুলি উল্লেখ কৰি জনপ্ৰিয় গায়কজনৰ পত্নী তথা ফেশ্বন ডিজাইনাৰগৰাকীয়ে লগতে কয়, “আমি আৰক্ষী আৰু আইনৰ ওপৰত বিশ্বাস ৰাখিছো এই ঘটনাৰ উচিত তদন্ত হওক।”

গীতানগৰ থানাত “অস্বাভাৱিক মৃত্যু”ৰ এক গোচৰ নিজাববীয়াকৈ ৰুজু কৰি ঘটনাটোৰ তদন্ত কৰি আছে মহানগৰ আৰক্ষীয়ে, সংবাদ মাধ্যমত মন্তব্য গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

বৰাই লগতে জনাই যে বৰদলৈৰ উদ্ধাৰ হোৱা “ন’ট”টো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে পৰ্য্যায়ক্ৰমে ঘটনাটোৰ তদন্ত কৰিব।

জন্মৰ দিনতে গুৱাহাটীৰ এ আই দি চিত থকা নিজ ঘৰত “আত্মহত্যা” কৰা বৰদলৈৰ “ছুইছাইদ ন’ট”ত জনপ্ৰিয় গায়কগৰাকীৰ লগতে আন দুগৰাকী মহিলাৰ নাম থকা বুলি অসমৰ News18 Northeast নামৰ টিভি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd