NORTHEAST NOW (Assamese)
অসম

চি বি এছ ইৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী প্ৰকাশ

Posted by: এন ই নাও নিউজ December 24, 2018 9:19 am

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে ইয়াৰ অধীনৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহ অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব আৰু ৩ এপ্ৰিলত শেষ হ’ব।

আনহাতে দশম শ্ৰেণীৰ পৰীক্ষা সমূহ ২১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈ ২৯ মাৰ্চত শেষ হ’ব।দুয়োটা পৰীক্ষাৰ সূচী ইতিমধ্যে পৰিষদে নিজৰ ৱেবছাইটত আপলোড কৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষালৈ যাতে ভালদৰে প্ৰস্তুতি চলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আগতীয়াকৈ চি বি এছ ইয়ে পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে।

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে জানিবলৈ দিছে যে দুয়োটা পৰীক্ষাৰ ফলাফলসমূহ জুন মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব। লগতে ঘোষিত পৰীক্ষা সূচী ভৱিষ্যতে কোনো ধৰণৰ সালসলনি কৰা নহয় বুলিও ঘোষণাটোৰ জৰিয়তে চি বি এছ ইয়ে স্পষ্ট কৰি দিছে।

উল্লেখযোগ্য যে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত চি বি এছ ইৰ অধীনৰ হাজাৰ হাজাৰ বিদ্যালয় আছে আৰু এই বিদ্যালয়বোৰত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

তলত দুয়োটা পৰীক্ষাৰ সূচীৰ লিংক দিয়া হ’ল-

http://cbse.nic.in/newsite/circulars/2018/Class-XII_dt_sheet.pdf

http://cbse.nic.in/newsite/circulars/2018/Class-X_datesheet.pdf