NORTHEAST NOW (Assamese)
ক্ৰীড়া

ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষণ শিৱিৰলৈ আমন্ত্ৰণ ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰক

Posted by: সাগৰ চেত্ৰী Updated by: সাগৰ চেত্ৰী December 25, 2018 8:51 am
Anju Tamang

দেশৰ আটাইতকৈ দীঘলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছে ছিকিমৰ দুগৰাকী প্ৰতিভাৱান মহিলা ফুটবলাৰ । অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা এই শিৱিৰলৈ অঞ্জু টামাং আৰু লাক’ ফুটি ভূটীয়াক আমন্ত্ৰন জনাইছে।

উল্লেখ্য যে ছাফ উইমেন্স চেম্পিয়নশ্বিপ ২০১৯ আৰু উমেন্স অলিম্পিক কোৱালিফায়াৰ্ছৰ বাবে ভাৰতীয় মহিলা ছিনিয়ৰ দলটো গঠন কৰাৰ উদ্দেশ্যে ২৭ ডিচেম্বৰৰ পৰা অহা বৰ্ষৰ ১০ এপ্ৰিললৈকে এক দীঘলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হোৱা বুলি ফুটবল ফেডাৰেশ্যনে জানিবলৈ দিয়ে।

ইফালে ছিকিমৰ দুগৰাকীকৈ প্ৰতিভাৱান খেলুৱৈয়ে শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ ফুটবল সন্থাৰ লগতে ফুটবল প্ৰেমীসকল। ছিকিম ফুটবল এছ’চিয়েশ্যনৰ সভাপতি মেনলা এথেনপাই কয়, ‘বিগত কেইবা বছৰৰ পৰা ফুটবলৰ উন্নয়নৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলো। আৰু আজি এই দুগৰাকী খেলুৱৈৰ সফলতাই আমাক আৰু উৎসাহিত কৰিলে’।

ইয়াৰ উপৰি সভাপতিগৰাকীয়ে দুয়োগৰাকী ফুটবলাৰকে শুভেচ্ছা প্ৰদান কৰি কয় যে ৰাজ্যখনত ফুটবল উন্নয়নৰ বাবে আমি লোৱা প্ৰচেষ্টাক ভাৰতীয় ফুটবল সংস্থাই শলাগ লোৱাৰ লগত সকলো ক্ষেত্ৰতে সহায়-সহযোগিতা আগবঢ়াই আহিছে।