NORTHEAST NOW (Assamese)
অসম

অকৃতজ্ঞতা? প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়াক নিমন্ত্ৰণ নকৰিলে বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ

Posted by: এন ই নাও নিউজ December 26, 2018 8:36 am

পূৰ্বৰ প্ৰধান মন্ত্ৰী বা চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ বৃহৎ প্ৰকল্পবোৰে সম্পূৰ্ণতা পোৱাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কৃতিত্ব দাবীৰ মাজেৰে সেইবোৰ উদ্বোধন কৰাটো কোনো নতুন কথা নহয়।

কিন্তু তাৰ মাজতো পূৰ্বৰ প্ৰধান ভূমিকা লওঁতাজনলৈ মনত নেপেলোৱাটো অতি দৃষ্টিকটু আচৰণত পৰিণত হৈছে। কেৱল মোদীৰে নহয়, এই স্বভাৱ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰো আছে বুলি এতিয়া জনৰৱ দেখা গৈছে। ২৫ ডিচেম্বৰত দেশৰ সৰ্বাধিক দীঘল ৰে’ল আৰু পথ দলঙত পৰিণত হোৱা বগীবিল দলং প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰাৰ পিছতে অনুৰূপ অভিযোগ উঠিছে।

বগীবিল দলঙৰ বাবে ১৯৯৭ চনতে অনুমোদন জনোৱা আৰু দলংখনৰ আধাৰশিলা স্থাপন কৰা তদানীন্তন প্ৰধান মন্ত্ৰী এইচ্ছ ডি দেৱেগৌড়াক উদ্বোধনী অনুষ্ঠানটোলৈ নিমন্ত্ৰণ নজনোৱা কথাটো এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈছে।

আনকি খোদ দেৱেগৌড়াই খেদ প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘অহ ৰাম, মোকনো কোনে মনত ৰাখে?’

উল্লেখযোগ্য যে অগপৰ তেতিয়াৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি বহুকেইজন অসমৰ সাংসদ-নেতায়ো এই বগীবিল দলংখন দেৱেগৌড়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা আদায় কৰাত যথেষ্ট সংগ্ৰাম কৰিছিল যদিও তেওঁলোককো উপেক্ষা কৰা হ’ল অনুষ্ঠানটোত। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ৪.৯ কিলোমিটাৰৰ এই দেশৰ ভিতৰতে উল্লেখযোগ্য দলংখনৰ কৃতিত্বৰ প্ৰকৃত দাবীদাৰসকলক লাইমলাইটলৈ আনিলে বিজেপিৰ বাবে একো নাথাকিব বুলি ভাবিয়েই এইবোৰ অসৌজন্যৰ প্ৰদৰ্শন কৰা হ’ল বুলি একাংশই মত প্ৰকাশ কৰিছে।