NORTHEAST NOW (Assamese)
অসম

লক্ষ্য লোকসভা নিৰ্বাচন : বিজেপিয়ে অসমৰ প্ৰভাৰীৰ দায়িত্ব দিলে মহেন্দ্ৰ সিঙক

Posted by: এন ই নাও নিউজ December 27, 2018 8:31 am
Mahendra Singh

অহা বছৰ হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে পূৰ্ণ ৰূপত প্ৰস্তুতি চলাইছে শাসকীয় দল বিজেপিয়ে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যাতে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিব পাৰে তাৰ বাবে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে অসমৰ  লগতে দেশৰ আন ১৭খন ৰাজ্যত নিৰ্বাচনী কাম-কাজ চোৱা-চিতাৰ বাবে একোজনকৈ প্ৰভাৰী নিযুক্তি দিছে।

অসমৰ বাবে প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ বিজেপি নেতা মহেন্দ্ৰ সিঙক। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে দায়িত্বত থকা মহেন্দ্ৰ সিঙে দীৰ্ঘদিনৰে পৰা অসমৰ প্ৰভাৰী  হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। মহেন্দ্ৰ সিঙৰ নেতৃত্বতে ২০১৬ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। উক্ত বৈঠকত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা হ’লেও মূলতঃ অগপ-বিজেপিৰ মিত্ৰতা, এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কেই আলোচনাত স্থান পোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীয়ে অহা ৪ জানুৱাৰিত অসমলৈ আহিব। উক্ত দিনা মোদীয়ে শিলচৰত এখন বিশাল নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰিব।