NORTHEAST NOW (Assamese)
অসম

প্ৰথম দলবীৰ সিং লোহাৰ বঁটা মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাললৈ

Posted by: এন ই নাও নিউজ December 28, 2018 9:39 am
Sarbananda-Sonowal-Assam-CM-750x375

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দলবীৰ সিং লোহাৰৰ স্মৃতিত প্ৰৱৰ্তন কৰা দলবীৰ সিং লোহাৰ বঁটাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নিৰ্বাচিত কৰিছে।  সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এটা সূত্ৰই এই কথা জনাইছে। সূত্ৰটোৱে জনোৱামতে, প্ৰথমবাৰৰ বাবে এই বঁটা আগ বঢ়োৱা হৈছে।

অহা বছৰৰ জানুৱাৰিত ডিগবৈত অনুষ্ঠিত হ’ব লগীয়া উত্তৰ-পূব গোৰ্খা মহোৎসৱত মুখ্য মন্ত্রী সোণোৱালক সন্থাই এই বঁটাটো প্ৰদান কৰিব।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙে কয় যে ১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ শ্ৰমিকসকলক একত্ৰিত কৰি চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিবলৈ সাহস দিছিল স্বাধীনতা সেনানী তথা অসমৰ শৌৰ্য্য-বীৰ্য্য আৰু সমন্বয়ৰ প্ৰতীক দলবীৰ সিং লোহাৰে।

আনহাতে স্বাধীনতাৰ সময়ছোৱাত পূব পাকিস্তানৰ সৈতে অসমক চামিল কৰিবলৈ মুছলিম লীগে কৰা ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈও আহ্বান জনাইছিল দলবীৰ সিং লোহাৰে।