NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভালৈ গ্ৰন্থাগাৰ দান শিক্ষাবিদ দম্পতীৰ

Posted by: ফাৰহানা আহমেদ December 31, 2018 5:36 pm
750x375

উত্তৰ লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ দম্পতীয়ে তেওঁলোকৰ পুত্ৰৰ স্মৃতিত অসম সাহিত্য সভাক সোমবাৰে এটা গ্ৰন্থাগাৰ গৃহ দান কৰে।

লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মুকুন্দ ৰাজবংশী আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা সুপৰিচিতা বিজ্ঞান লেখিকা ড০ অমিয়া ৰাজবংশীয়ে সোমবাৰে তেওঁলোকৰ পুত্ৰ পাঞ্চাল ৰাজবংশীৰ সোঁৱৰণত উত্তৰ লখিমপুৰ সাহিত্য সভালৈ উত্তৰ লখিমপুৰত এটা গ্ৰন্থাকাৰ গৃহ দান কৰে।

2-2-300x148
‘সুখী জীৱনৰ অন্বেষণ’ নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত বিশিষ্ট ব্যক্তিসকল। ফটো : নৰ্থইষ্ট নাও

‘পাঞ্চাল ভৱন’ নামেৰে এই গ্ৰন্থাগাৰ ভৱনটো শিক্ষাবিদ দম্পতীয়ে তেওঁলোকৰ পুত্ৰ প্ৰয়াত পাঞ্চাল ৰাজবংশী ৰাজবংশীৰ নামত উত্তৰ লখিমপুৰৰ উত্তৰ লখিমপুৰ সাহিত্য সভাৰ চৌহদৰ ভিতৰত  নিৰ্মাণ কৰা হৈছে আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰে।

উদ্বোধনী ভাষণত ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে মানুহে গ্ৰন্থৰ জৰিয়তে পৰমাৰ্থত্বৰ সৈতে সম্পৰ্কিত হয় আৰু ইয়াৰ অবিহনে মানৱ সভ্যতা বৰ্তি থাকিব নোৱাৰে।

তেওঁ লখিমপুৰ জিলাৰ ৰাইজক অসমৰ ভাষা, সাহিত্য তথা সংস্কৃতিৰ ঐতিহ্য জীয়াই ৰাখিবলৈ উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা ক্ষেত্ৰক উন্নত কৰি তোলাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত ড০ মুকুন্দ ৰাজবংশীয়ে তেওঁৰ ব্যক্তিগত চিন্তা প্ৰকাশ কৰি ৰাইজক তেওঁলোকে তেওঁৰ লগতে তেওঁৰ পৰিয়াললৈ তেওঁলোকৰ পুত্ৰক হেৰুওৱাৰ সময়ত দেখুওৱা মৰম, চেনেহ আৰু সন্মানৰ বাবে কৃতজ্ঞতা জনায়। উল্লেখযোগ্য যে তেওঁলোকৰ পুত্ৰ পাঞ্চালৰ ২০১১ চনত দিল্লীত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

তেওঁ লগতে এনেকুৱা এটা মহান প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে উত্তৰ লখিমপুৰ সাহিত্য সভাকো ধন্যবাদ জনায়। অনুষ্ঠানত ড০ মুকুন্দ ৰাজবংশীয়ে ৰচনা কৰা ‘সুখী জীৱনৰ অন্বেষণ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড০ কৈলাশ ভট্টাচাৰ্যই।

উক্ত সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি ড০ হেমেন্দ্ৰ কুমাৰ বৰুৱা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সপোন কুমাৰ দত্তৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি।