NORTHEAST NOW (Assamese)
অসম

স্বদেশলৈ ঘূৰাই পঠোৱা হ’ব ৫গৰাকী ম্যানমাৰৰ নাগৰিকক

Posted by: এন ই নাও নিউজ January 2, 2019 7:58 pm
images

আৰক্ষীৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে আৰক্ষী ৫ গৰাকী ম্যানমাৰৰ নাগৰিকক ভাৰতৰ পৰা দেশান্তৰিত কৰা হ’ব।  আৰক্ষীয়ে জনোৱা মতে উক্ত লোক কেইজনক মণিপুৰৰ মোৰেইত থকা ভাৰত-ম্যানমাৰ সীমান্তৰে ম্যানমাৰলৈ প্ৰেৰণ কৰা হ’ব।

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পি পি সিঙে যোৱাকালি ১ জানুৱাৰি মঙলবাৰে নিশ্চিতি দিছিল যে ৫গৰাকী ম্যানমাৰৰ নাগৰিকক ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ যাৱতীয় প্ৰক্ৰিয়া চলি আছে। অৱশ্যে অতি সংবেদনশীল বিষয়টোৰ ওপৰত আৰু অধিক মন্তব্য কৰিবলৈ তেওঁ অস্বীকাৰ কৰে।

মণিপুৰ আৰক্ষীৰ এটা গোটে শিলচৰত ম্যানমাৰৰ নাগৰিক কেইগৰাকীক গ্ৰহণ কৰিব। এগৰাকী শীৰ্ষস্থানীয় বি,য়াই জনাইছে যে এই কোলকেইগৰাকীক এই সপ্তাহতেই ম্যানমাৰলৈ ঘূৰাই পঠোৱা হ’ব।