NORTHEAST NOW (Assamese)
অসম

জাঁজী-আমগুৰি মহোৎসৱ: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত সম্প্ৰীতিৰ বাৰ্তা লৈ নাগা দল

Posted by: ৰাজীৱ দত্ত January 5, 2019 8:43 pm
Amguri-Janji

৪ জানুৱাৰিৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে আমগুৰিৰ পেঙেৰাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা জাঁজী আমগুৰি মহোৎসৱৰ দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰাত থলুৱা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটে।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তা লৈ অংশগ্ৰহণ কৰে নাগালেণ্ডৰ এটি সাংস্কৃতিক দলে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উদ্বোধন কৰা শোভাযাত্ৰাত কেইবা শতাধিক লোকে অংশ লয়।

টুলিৰ বিধায়ক অমেনবা য়াদেন, আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৌচুমী চেতিয়া প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি শোভাযাত্ৰাত উপস্থিত থাকে।