NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মোদী-সোণোৱালৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি-এ জে ৱাই চি পিৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 5, 2019 10:32 pm
KMSS-AJYCP

নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীত বোকাখাতত শনিবাৰে সন্ধিয়া প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

বোকাখাত নগৰৰ চাৰিআলিতে দুয়োজনৰে প্ৰতিকৃতি দাহ কৰে সংগঠন দুটাৰ প্ৰতিবাদী সদস্য সকলে।

প্ৰতিকৃতি দাহৰ লগতে মোদী-সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলা সংগঠনকেইটাই বিধেয়ক বাতিল নহ’লে অচিৰেই তীব্ৰ আন্দোলনৰো ভাবুকি দিয়ে।

কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সম্পাদক ৰতন দাৱ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ সভাপতি দেৱকান্ত গগৈ আৰু সম্পাদক কিশোৰ ছেত্ৰীৰ লগতে কেইবাশও সদস্যই অংশ গ্ৰহণ কৰে৷

সংগঠন দুটাৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কিছু সময়ৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় পথ বন্ধ হৈ পৰে৷